হাফ চেঞ্চুৰীলৈ অলপ বাকীঃ কাছাৰত বৃহস্পতিবাৰে ৪৯জন কোৰোনাত আক্ৰান্ত…

হাফ চেঞ্চুৰীলৈ অলপ বাকীঃ কাছাৰত বৃহস্পতিবাৰে ৪৯জন কোৰোনাত আক্ৰান্ত…

ডিজিটেল সংবাদ, শিলচৰঃ ভয়ংকৰ কোৰোনা সংক্ৰমণৰ দিশে অগ্ৰসৰ হৈছে কাছাৰ জিলা ৷ বৃহস্পতিবাৰৰ দিনটোত জিলাখনত নতুনকৈ ৪৯ জন লোকৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰিছে ৷ ইয়াকে লৈ জিলাখনত কৰোনাক্ৰান্তৰ সংখ্যা ২৯১ জনলৈ বৃদ্ধি পালে ৷

বৃহস্পতিবাৰে বহিঃৰাজ্যৰ পৰা অহা ৬জন বিমান যাত্ৰীৰ দেহতো কৰোনা চিনাক্ত কৰা হয় ৷ আজি বিভিন্ন ৰাজ্যৰ পৰা অহা ৪১৯ জন যাত্ৰী কুম্ভীৰগ্ৰাম বিমানকোঠত নমাৰ পিচতে চালগংগাস্হিত টিকল মডেল হাস্পতালত নমূনা পৰীক্ষা কৰা হয় ৷ তাতে ৬জন যাত্ৰীৰ দেহত কভিড১৯ পজিটিভ ধৰা পৰে ৷

উল্লেখ্য বুধবাৰেও ৬জন বিমান যাত্ৰীৰ দেহত কভিড১৯ পজিটিভ ধৰা পৰিছিল ৷
কাছাৰ জিলাত কৰোনাক্ৰান্ত হোৱা ২৯১জন ৰোগীৰ ২২ জনক শিলচৰ চিকিৎসা মগাবিদ্যালয় হাস্পতালৰ কভিড ৱাৰ্ডত ভৰ্তি কৰাৰ বিপৰীতে এচএমদেৱ চিভিল হাস্পতালত ৮জন,গ্ৰীণ হিলছ প্ৰাঃ হস্পিতালত ১১জন আৰু মডেল হস্পিতালত ৮ জনৰ চিকিৎসা প্ৰদান কৰা হৈছে ৷

অন্য কৰোনাক্ৰান্ত ২৪২জনক হোম আছোলেছনত ৰখা হৈছে বুলি সদৰী কৰে জিলা স্বাস্হ্য বিভাগে ৷
ইফালে, বুধবাৰে কভিড টেষ্ট নকৰাকৈ কুম্ভীৰগ্ৰাম বিমান কোঠত নমা আৰু টিকল মডেল হাস্পতালৰ পৰা পলায়ন কৰা ৩৮৫গৰাকী যাত্ৰীয়ে পলায়ন কৰিছে। আজি তেওঁলোকৰ নামৰ তালিকা আৰক্ষীক হস্তান্তৰ কৰে কাছাৰ জিলা প্ৰশাসনে ৷ চৰকাৰী নিৰ্দেশ অমান্য কৰা বাবেই তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্হা লবলৈ আৰক্ষীৰ হাতত প্ৰদান কৰা হৈছে তালিকাখন ৷ আৰক্ষীয়ে কি ব্যৱস্হা লয় সেয়া পৰৱৰ্তী সময়তে দেখা যাব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in