কোভিড-১৯ৰ আতংকত ত্ৰস্তমান উত্তৰ-পূৰ্বাঞ্চলঃ সৰ্বাধিক আক্ৰান্ত অসম…

কোভিড-১৯ৰ আতংকত ত্ৰস্তমান উত্তৰ-পূৰ্বাঞ্চলঃ সৰ্বাধিক আক্ৰান্ত অসম…

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। কেইদিনমান পূৰ্বলৈকে হাতৰ আঙুলিৰে গণিব পৰাকৈ মাত্ৰ কেইগৰাকীমানহে কোৰোনা ৰোগী থকা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে এতিয়া কোৰোনা ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে। কেৱল অসমতে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যাই অতিক্ৰম কৰিলে ৫০০ৰ ঘৰ।

সোমবাৰে আক্ৰান্ত হোৱা ১২২ গৰাকী কোৰোনা ৰোগীৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰ মুখ অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ৫১৪ গৰাকীলৈ। অসমত বিগত প্ৰায় ১০-১২ দিনতে অধিক লোক কোৰোনাত আক্ৰান্ত হৈছে। ইফালে অসমত এতিয়ালৈকে মৃত্যু হৈছে ৪ গৰাকী লোকৰ।

প্ৰথমে উত্তৰ পূবৰ ভিতৰত মণিপুৰতে প্ৰথমে ধৰা পৰিছিল কোভিড-১৯ত আক্ৰান্ত ৰোগী। মণিপুৰত কোৰোনাত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা ৩৬ গৰাকী। তাৰে ৪ গৰাকী নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। ৰাজ্যখনত এতিয়ালৈকে এজনো ৰোগীৰ মৃত্যু হোৱা নাই আৰু আৰোগ্য হৈছে ৪ গৰাকী লোক। অসমৰ পিছতে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যাৰ ভিত্তিত দ্বিতীয় স্থানত আছে ত্ৰিপুৰা। মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে সদৰি কৰা অনুসৰি সোমবাৰৰ লৈকে ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হৈছে ১৯৪ গৰাকী লোক। সোমবাৰে নতুনকৈ ৩ জন লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ বীজাণু ধৰা পৰিছে। অৱশ্যে সুখৰ খবৰ যে, এইসকল ৰোগীৰ ১৬৫ গৰাকীয়ে সুস্থ হৈ উঠিছে।

অসমৰ গাতে লাগি থকা পাহাৰীয়া ৰাজ্য মেঘালয়তো কোৰোনাৰ সন্ত্ৰাস অব্যাহত আছে। এতিয়ালৈকে ৰাজ্যখনত ১৫ গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰিছে। সোমবাৰে নতুনকৈ মেঘালয়ৰ এজন লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। মেঘালয়ত ইতিমধ্যে কোৰোনাৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আৰোগ্য হৈছে ১২ জন লোক।

নাগালেণ্ডত ৩ জন লোক এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈছে। কোভিড-১৯ত আক্ৰান্ত লোককেইজনৰ ২জন ডিমাপুৰৰ আৰু এজন কহিমাৰ। অৰুণাচলত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈছে ২জন লোক। তাৰে এজন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱাৰ লগতে ইতিমধ্যে এজন লোক আৰোগ্য হৈছে। ইফালে ছিকিমত এজন লোকৰ দেহত কোভিড-১৯ ধৰা পৰিছে। লোকজনে শেহতীয়াকৈ দিল্লী ভ্ৰমণ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in