ভাৰতত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৭১৯ জনলৈ বৃদ্ধি, বৃহস্পতিবাৰে নতুনকৈ আক্ৰান্ত ৮৮ জন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ প্ৰতি মুহুৰ্ততে বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। ভাৰতত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ৭১৯ জনলৈ। ঠিক তেনেদৰে বৰ্তমানলৈকে মৃত্যু হৈছে ১৬জন লোকৰ। বৃহস্পতিবাৰে নতুনকৈ ভাৰতত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৮৮।

বৰ্তমানলৈকে কোৰোনাত আক্ৰান্ত হোৱাৰ পিছত ভাৰতত আৰোগ্য লাভ কৰিছে ৪৫ জন লোকে। বৰ্তমানেও ৬৫৮ জন লোকক ভাৰতত চিকিৎসা প্ৰদান কৰি থকা হৈছে। উল্লেখ্য যে, এই সকল লোকৰ ভিতৰত বিদেশৰো কেবাজন লোক আছে।

ইফালে সৰ্বাধিক লোকৰ মৃত্যু হৈছে ইটালীত। দেশখনত ৭৫০৩ জন লোকৰ মৃত্যু হৈছে। দেশখনত মুঠ আক্ৰান্ত হৈছে ৭৪,৩৮৬ জন লোক। ইটালীৰ পিছতে মৃত্যু হোৱা লোকৰ সংখ্যা অধিক স্পেইনত। ৪,১৪৫ লোক স্পেইনত মৃত্যু হোৱাৰ লগতে ৫৬,১৯৭ গৰাকী লোক আক্ৰান্ত হৈ আছে।

চীনত মৃত্যু হৈছে ৩,২৮৭ গৰাকী লোকৰ। ঠিক তেনেদৰে আক্ৰান্ত হৈছে ৮১,২৮৫ গৰাকী লোক। আমেৰিকাত ১০৭২ গৰাকী লোকৰ মৃত্যু হৈছে। ইৰাণত ২,২৩৪ গৰাকী লোকৰ মৃত্যু হৈছে। ফ্ৰান্সত মৃত্যু হৈছে ১,৩৩১গৰাকী লোকৰ। বৰ্তমানলৈকে সমগ্ৰ বিশ্বত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে মুঠ ২২,৩৩৯ লোকৰ। ইফালে সুখবৰ যে, বৰ্তমানলৈকে ১২১,২১৪গৰাকী লোকে সমগ্ৰ বিশ্বতে আৰোগ্য হৈছে। প্ৰথমে চীনৰ ৱুহানতে কোৰোনা ভাইৰাছৰ সন্ত্ৰাস আৰম্ভ হৈছিল যদিও পৰৱৰ্তী সময়ত কোৰোনা ভাইৰাছে সমগ্ৰ বিশ্বকে আৱৰি ধৰে।

ইখনৰ পিছত সিখন দেশত সন্ত্ৰাসৰ সৃষ্টি কৰা কোৰোনা ভাইৰাছৰ ৰোধ কৰাৰ বাবে ভাৰত চৰকাৰো তৎপৰ হৈছে। সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰা হৈছে। লকডাউনৰ সময়চোৱাত ক্ৰমাৎ কঠোৰ হৈছে আৰক্ষী। ভাৰতৰ বিভিন্ন ঠাইন আইন অমান্য কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে কেবাজনো লোকক। আৰক্ষীয়ে বহুলোকৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছে। অসমতো বৃহস্পতিবাৰে এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in