কোকৰাঝাৰত কোৰোনাৰ দ্ৰুত সংক্ৰমণঃ ডিএন হিম্মৎসিংকা হাইস্কুলক কণ্টেইনমেণ্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰ…

কোকৰাঝাৰত কোৰোনাৰ দ্ৰুত সংক্ৰমণঃ  ডিএন হিম্মৎসিংকা হাইস্কুলক কণ্টেইনমেণ্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰ…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাত ভয়াবহ ৰূপত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা । জিলাখনত ইতিমধ্যে মহামাৰী কোৰোনাত আক্ৰান্তৰ সংখ্যাই শতাধিকৰ ঘৰ অতিক্ৰম কৰিছে । জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী এইবাৰ কোৰোনাত আক্ৰান্ত হোৱাত অভিভাৱকসকল শংকিত হৈ পৰিছে ।

কোকৰাঝাৰ ডিএন হিম্মৎসিংকা হাইস্কুল , শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ ঘোঁৰামাৰা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সৰ্বমুঠ ৫ গৰাকী ছাত্ৰ -ছাত্ৰীয়ে কোৰোনাত আক্ৰান্ত হোৱাত অভিভাৱকসকল ভীষণ শংকিত হৈ পৰিছে । জিলা প্ৰশাসনে ইতিমধ্যে কোকৰাঝাৰ ডিএন হিম্মৎসিংকা হাইস্কুলক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰি বিদ্যালয়খনত সোমোৱা -ওলোৱা কাৰ্য নিষিদ্ধ কৰিছে । তদুপৰি ডিএন হিম্মৎসিংকা হাইস্কুলৰ সন্মুখৰ ৰাস্তাৰেও গাড়ী-মটৰৰ চলাচলৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে ।

এনে এক পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে কোকৰাঝাৰ শিক্ষাখণ্ডৰ খণ্ড শিক্ষা-বিষয়া তথা খণ্ড মিচন সমন্বয়ক প্ৰদীপ কুমাৰ গয়াৰীয়ে কয় যে, চৰকাৰী এচঅ'পি মতে সকলো চৰকাৰী আৰু বেচৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰাক্ প্ৰাথমিক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত নিয়মীয়া পাঠদান বন্ধ থাকিব লগতে তেওঁ কয় যে, নিয়মীয়া পাঠদান বন্ধ থকাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনা যাতে ব্যাহত নহয় তাৰবাবে শিক্ষক-শিক্ষয়ত্ৰীসকলে অনলাইন যোগে পাঠদান কৰিব লাগিব আৰু যি ঠাইত নেটৱৰ্ক নাই বা ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ এনড্ৰইট মোবাইল নাই, তেনেক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক গৃহকাৰ্য কৰিবলৈ দিব লাগিব ।

যিসমূহ চৰকাৰী বা বেচৰকাৰী বিদ্যালয়ে উক্ত নিৰ্দেশনা পালন নকৰে তেওঁলোকৰ বিৰুদ্ধে নিয়মানুসাৰে কাৰ্যব্যৱস্থা লোৱা হ'ব বুলি সদৰি কৰিছে কোকৰাঝাৰ শিক্ষাখণ্ডৰ খণ্ড শিক্ষা বিষয়া তথা খণ্ড মিচন সমন্বয়ক প্ৰদীপ কুমাৰ গয়াৰীয়ে । এই সন্দৰ্ভত জিলা শিক্ষা বিষয়া তথা ভাৰপ্ৰাপ্ত বিদ্যালয় পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মৰ অধ্যক্ষতাত বৃহস্পতিবাৰে কোকৰাঝাৰত শিক্ষা বিষয়া আৰু চিআৰচিচি সকলক লৈ এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত চৰকাৰী এচঅ'পি আখৰে আখৰে পালন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ভাৰপ্ৰাপ্ত বিদ্যালয় পৰিদৰ্শক জয়পাল সিঙ ব্ৰহ্মৱে ।

ইপিনে জিলাখনত বৃহস্পতিবাৰে পুনৰাই ২১ জন লোকৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰাত কোকৰাঝাৰত কোৰোনাত আক্ৰান্তৰ সংখ্যা ১২৪ জনলৈ বৃদ্ধি পালে ৷আনহাতে, জিলাখনত কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত ভেকচিন লোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু ভেকচিন ল'বলৈ দীঘলীয়া শাৰী হোৱা দেখা পোৱা গৈছে ।

তদুপৰি জিলা দণ্ডাধীশ ভাস্কৰ ফুকনে দুৰ্যোগ প্ৰশমন আইন ২০০৫ৰ ধাৰা ৩০ (২)( v) মৰ্মে কেতবোৰ নিৰ্দেশনা জাৰি কৰাত সকলো ধৰণৰ বাণিজ্যক প্ৰতিষ্ঠান সমূহ সন্ধিয়া ৬ বজাৰ পৰা ৰাতিপুৱা ৬বজালৈ বন্ধ ৰখা পৰিলক্ষিত হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in