ধেমাজিও সোমাল কোৰোনা আক্ৰান্তৰ মানচিত্ৰত…

ধেমাজিও সোমাল কোৰোনা আক্ৰান্তৰ মানচিত্ৰত…

ডিজিটেল সংবাদ,ধেমাজিঃ কোৰোনাৰ সংক্ৰমণৰ পৰা বাচি থকা অসমৰ একমাত্ৰ জিলা ধেমাজিও শেহতীয়াও কোৰোনা আক্ৰান্তৰ মানচিত্ৰত সোমাল। সোমবাৰে স্বাস্থ্যমন্ত্ৰীয়ে ৰাজ্যৰ ৩৫গৰাকী আক্ৰান্তৰ ভিতৰত এগৰাকী ধেমাজিৰ যুৱকো আছে।

ধেমাজি জিলাৰ বৰদলনি দিহিঙীয়াৰ গাওঁৰ নীলমনি বৰগোহাঁই(৩১) নামৰ যুৱকজন যোৱা ১৯ মে'ত চেন্নাই পৰা ০৬৯১৩ ই'গমৰ ট্ৰেইন যোগে যোৱা ২২ মে'ত ডিব্ৰুগড় পাইছিলহি ৷ পিছত ডিব্ৰুগড়ৰ পৰা এখনি বাছৰ জৰিয়তে ধেমাজি তেলিজানত থকা বাছ ট্ৰামিনেল কোৱাইনন্টাইন চেন্টালৈ আনিছিল ৷

বহু কেইজন লোকৰ সৈতে বাছৰে অহা বৰগোহাঁইৰ জ্বৰ,কাঁহ ধৰি অন্য লক্ষন থকা সন্দেহ কৰি চিকিৎসকে সুকীয়াকৈ কোৱাইনন্টাইন চেন্টাৰ পৰা ধেমাজি অসামৰিক চিকিৎসালয়লৈ আনি চিকিৎসা কৰিছিল৷

যুৱকজনৰ তেজ পৰীক্ষা ২৩ মে'ত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছিল ৷ তেজৰ ৰিপ'ট দেওবাৰে নিশা ১ বজাত ডিব্ৰুগড়ৰ পৰা ধেমাজিৰ উপায়ক্তলৈ কভিড পজিটিভ ধৰা বিষয়ে অৱগত কৰে ৷ বৰ্তমানে যুৱকজনক ধেমাজি অসামৰিক চিকিৎসালয়তে চিকিৎসা কৰি থকা হৈছে ৷ উল্লেখ্য যে, বৰ্তমান অসমৰ সকলো জিলা কোৰোনাৰ মানচিত্ৰত সোমাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in