দৰঙত পুনৰ ৩ জনৰ দেহত কোভিড-১৯ঃ সম্প্ৰতি চিকিৎসাধীন ৮৪ জন..

দৰঙত পুনৰ ৩ জনৰ দেহত কোভিড-১৯ঃ সম্প্ৰতি চিকিৎসাধীন ৮৪ জন..

ডিজিটেল সংবাদ,মঙলদৈঃ দৰঙত পুনৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা । জিলা স্বাস্থ্য বিভাগে শনিবাৰে জিলা তথ্য আৰু জনসংযোগ বিভাগলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে তিনিজনৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ৰ উপস্থিতি ।

নতুনকৈ আক্ৰান্ত তিনিগৰাকী হ'ল- দেওমৰনৈৰ অজিত ডেকা, নেওগপাৰাৰ তিলক বৰা আৰু ৰাজাপুখুৰীৰ জয়নাব খাতুন। আটাইকেইজনেই আহি নিজ নিজ ঘৰত কোৱাৰান্টাইন হৈ আছিল । সম্প্ৰতি আটাইকেইজনকে চিকিৎসালয়লৈ অনাৰ ব্যৱস্থা কৰিছে ।

প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা মতে এতিয়ালৈকে দৰঙত ১৩০ জন লোক ক'ভিডত আক্ৰান্ত হৈছে আৰু ইয়াৰে ৪৬ জন লোক সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত ঘৰলৈ যাবলৈ দিয়া হৈছে । শনিবাৰৰ দিনটোত দৰঙত ৮৪ জন লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in