মেঘালয়ত ইনাৰ লাইন পাৰপত্ৰ বিচাৰি গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কণৰাড চাংমাৰ…

মেঘালয়ত ইনাৰ লাইন পাৰপত্ৰ বিচাৰি গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কণৰাড চাংমাৰ…

ডিজিটেল সংবাদ, শ্বিলংঃ বৃহস্পতিবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমাই সাক্ষাৎ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। উত্তৰ পূৰ্বাঞ্চলৰ লগতে মেঘালয়ৰ বিভিন্ন দিশৰ বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে মেঘালয়ৰ মুথ্যমন্ত্ৰী কণৰাড চাংমাই আলোচনা কৰা বুলি সংবাদমাধ্যমত জানিবলৈ দি ৰাজ্যখনত ইনাল লাইন পাৰপত্ৰ প্ৰদান কৰিবলৈ অমিত শ্বাহক আহ্বান জনোৱাৰ কথাও কয়। উল্লেখ্য যে, ২০১৯ চনৰ ১৯ ডিচেম্বৰত মেঘালয়ৰ বিধানসভাত ৰাজ্যখনত পাৰপত্ৰ প্ৰৱৰ্তনৰ বিষয়ে প্ৰস্তাৱ লোৱা হৈছিল।

অৱশ্যে এই সাক্ষাতৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইনাৰ লাইন পাৰপত্ৰ প্ৰদান প্ৰসংগত কি ক'লে সেয়া জানিবলৈ নিদিয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ পৰিৱৰ্তে তেওঁ জানিবলৈ দিয়ে যে, দিল্লীৰ বিধানসভা নিৰ্বাচনৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মেঘালয় চৰকাৰলৈ এই প্ৰসংগত আনুষ্ঠানিক বিবৃতি প্ৰেৰণ কৰিব।

ষষ্ঠ অনুসূচীৰ অন্তৰ্গত ৰাজ্যখনত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তনত দিল্লীয়ে অনুমোদন নজনাবও পাৰে বুলি পূৰ্বে এক বাতৰি প্ৰকাশ হৈছিল। অৱশ্যে বৰ্তমানেও ৰাজ্যখনত বিভিন্ন সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। তেনেস্থলত যিকোনো প্ৰকাৰে দিল্লীক সৈমান কৰোৱাৰ চেষ্টা কৰিছে কণৰাড চাংমাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in