এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং…

এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং…

ডিজিটেল সংবাদ, বটদ্ৰৱা : ৮৪ নং বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত দলংঘাট আৰু বটদ্ৰৱা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত জাজৰিৰ শিমলুতল বৃহস্পতিবাৰে অনুষ্ঠিত এখন কৰ্মী সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধয়াক অনিৰুদ্ধ সিং উপস্থিত হৈ সমাগত বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত দলৰ নেতা- কৰ্মী সকলৰ লগত মত বিনিময় কৰে৷

দলংঘাট আৰু বটদ্ৰৱা ব্লক কংগ্ৰেছ কমিটিৰ অন্তৰ্গত সকলো মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াৰ উপস্থিতিত আয়োজিত সভাখনত সমষ্টিটোৰ দুই প্ৰাৰ্থীত্ব প্ৰয়াসী প্ৰাক্তন মন্ত্ৰী গৌতম বৰা আৰু প্ৰদেশৰ কংগ্ৰেছৰ সম্পাদিকা শিৱামনি বৰাৰ সমৰ্থনত দুই ফৌদৰ সমৰ্থক সকলে এফালে "গৌতম বৰা জিন্দাবাদ" আৰু আনফালে "শিৱামনি বৰা জিন্দাবাদ" ধ্বনি দি সভাস্থলী উত্তাল কৰি তোলে৷

ইয়াৰ মাজতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকজনে দলৰ কৰ্মীসকলক সম্বোধি কয় যে সকলো কৰ্মী সদায় ভাই ককাইৰ দৰে থাকিব লাগিব। মহাজোঁট বন্ধনৰ পাছত এতিয়া আমি এ আই ইউ ডি এফ আৰু আন আন মিত্ৰ দলৰ কৰ্মীসকলক বৰ ককাইৰ দৰে আকোৱালি ল'লেহে বিজেপিক প্ৰতিহিত কৰিব পাৰিম ৷ আজিৰ এই সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধয়াক অনিৰুদ্ধ সিং লগতে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মা ,অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিবামনি বৰা, প্ৰাক্তন বিধায়ক গৌতম বৰা, কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীসকল উপস্থিত থাকে ।

সভাৰ অন্তত সাংবাদিকৰ আগত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে আগন্তুক নিৰ্বাচনত বটদ্ৰৱা সমষ্টিটো কংগ্ৰেছ দলে দখল কৰিব বুলি দাবী কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে ৷ আমি হাতখন আগবঢ়াই দিছো তেওঁলোকে আকোঁৱালি লৈছে। কংগ্ৰেছ আৰু এ আই ইউ ডি এফ একেটা পৰিয়ালৰ দৰে ৷ বটদ্ৰৱা সমষ্টিটো এ আই ইউ ডি এফ এৰি দিয়া হ'ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অনিৰুদ্ধ সিঙে কয় যে সেয়া মিত্ৰজোঁটৰ সভাত ঠিক কৰা হ'ব। যদি এ আই ইউ ডি এফক বটদ্ৰৱাৰ আসনখন এৰি দিয়া হয় তেতিয়া আমি তেওঁলোকক পূৰ্ণ সহযোগ কৰিম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in