/asomiyapratidin/media/media_files/2025/09/01/cxcxxxxx-2025-09-01-20-52-24.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিচি নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত মোক্ষম আঘাত। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদক গৌৰ্জন মুছাহাৰীয়ে দলৰ পৰা পদত্যাগ কৰিছে। উল্লেখযোগ্য যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কোকৰাঝাৰ ভ্ৰমণকালত গৌৰ্জন মুছাহাৰীক দলীয় কাম কাজৰ পৰা কিছু দূৰত্বত অৱস্থান কৰোৱা পৰিলক্ষিত হৈছিল।
ৰাজনৈতিক ক্ষেত্ৰখনৰ ভূ-ৰখা মহলে অতি সোনকালে গৌৰ্জন মুছাহাৰীয়ে দলত্যাগ কৰিব বুলি চৰ্চা কৰিছিল। কিন্তু ইয়াৰ পিছতো তেওঁ কোনো ধৰণৰ ইংগিত দিয়া নাছিল। পিছে বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ দলৰ তৰফৰ পৰা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পিছতেই জেষ্ঠ নেতা গৰাকীয়ে দলৰ পৰা পদত্যাগ কৰে।
উল্লেখযোগ্য যে, যিমানেই বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি আহিছে তথা মনোনয়ন পত্ৰ দাখিল কৰাৰ খদমদম লাগিছে সিমানেই ৰাজনৈতিক দল সমূহৰ মাজত দলত্যাগ কৰাৰ সংখ্যা বৃদ্ধি পাইছে। গৌৰ্জন মুছাহাৰীৰ দলত্য়াগে আগন্তুক বিটিচি নিৰ্বাচনত ব্যাপক প্ৰভাৱ পেলাব বুলি অনুমান কৰা হৈছে।