সাংবাদিক পৰাগ ভূঞাৰ সন্দেহ জনক হত্যাকাণ্ডৰ চিবিআই তদন্ত বিচাৰি কংগ্ৰেছৰ প্ৰতিবাদ…

সাংবাদিক পৰাগ ভূঞাৰ সন্দেহ জনক হত্যাকাণ্ডৰ চিবিআই তদন্ত বিচাৰি কংগ্ৰেছৰ প্ৰতিবাদ…

ডিজিটেল ডেস্ক : কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ সন্দেহ জনক হত্যাকাণ্ড সন্দৰ্ভত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত গুৱাহাটী মহানগৰ জিলা জিলা কংগ্ৰেছ কমিটী,যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, এনএছইউআই,সেৱা দল তথা ইয়ং বিগ্ৰেডৰ সহযোগ প্ৰতিবাদ সব্যস্ত কৰে ।

সাংবাদিক পৰাগ ভূঞাৰ সন্দেহজনক হত্যাকাণ্ডৰ চিবিআই তদন্ত আৰু উপযুক্ত শাস্তি প্ৰদানৰ দাবীত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰে কংগ্ৰেছ কৰ্মী সকলে । উলুবাৰী উৰনীয়া সেতুৰ সমীপৰ পৰা প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰে কংগ্ৰেছে ।

খেদ ঐ খেদ বিজেপিক খেদ, পৰাগ ভূঞাৰ হত্যাৰ উচিত তদন্ত কৰক, এই তদন্ত চিবিআইক অৰ্পন কৰক আদি শ্লোগানেৰে প্ৰায় দুই শতাধিক লোকে পৰিবেশ উত্তাল কৰি তোলে । ইপিনে প্ৰতিবাদ কৰাৰ বাবে বাধা প্ৰদান কৰে অসম আৰক্ষীয়ে । প্ৰতিবাদকাৰী সকলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in