মায়াৱতী-আদিত্যনাথৰ দৰে ব্যৱস্থা গ্ৰহণ কৰক মোডী-শ্বাহৰ বিৰুদ্ধেওঃ কংগ্ৰেছ

মায়াৱতী-আদিত্যনাথৰ দৰে ব্যৱস্থা গ্ৰহণ কৰক মোডী-শ্বাহৰ বিৰুদ্ধেওঃ কংগ্ৰেছ

ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগে দুদিনৰ বাবে নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাত বাধা দিছিল মায়াৱতীক। নিৰ্বাচন আচৰণ বিধি ভংগ কৰাৰ অভিযোগ আয়োগে বি এছ পিৰ নেত্ৰীগৰাকীৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণ কৰিছিল। উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ লগতে মায়াৱতীৰ বিৰুদ্ধে গ্ৰহণ কৰা আয়োগৰ ব্যৱস্থাৰ পাছত সৰৱ হৈ পৰিছে বিএছপি নেত্ৰীগৰাকী।

আয়োগে গ্ৰহণ কৰা পদক্ষেপক গণতন্ত্ৰক হত্যা কৰা বুলি আখ্যা দিছে মায়াৱতীয়ে। এই সন্দৰ্ভত মায়াৱতীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যদিও, বিষয়টো বিচাৰৰ বাবে গ্ৰহণ নকৰিলে ন্যায়ালয়ে। ইফালে, কংগ্ৰেছে সাম্প্ৰদায়িক মন্তব্য আৰু নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অপৰাধত যোগী আদিত্যনাথকে ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in