অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে কেবৰ বিৰুদ্ধে প্ৰতিবাদত বহিল কংগ্ৰেছৰ কেইবাজনো বিধায়ক…

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে কেবৰ বিৰুদ্ধে প্ৰতিবাদত বহিল কংগ্ৰেছৰ কেইবাজনো বিধায়ক…
  • বৃহস্পতিবাৰৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন।
  • অধিৱেশনৰ প্ৰথম দিনটোতে কংগ্ৰেছৰ প্ৰতিবাদ।
  • কেবৰ বিৰুদ্ধে সদনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছৰ বিধায়িনী দলে।
  • ৰকিবুল হুচেইন, অজন্তা নেওঁগৰ লগতে কেইবাজনো বিধায়কে হাতে হাতে প্লে কাৰ্ড লৈ কৰিলে প্ৰতিবাদ।
  • বিজেপি চৰকাৰে কেব বাতিলৰ কৰিবলৈ দাবী জনায় কংগ্ৰেছৰ বিধায়িনী দলটোৱে।
  • উল্লেখ্য যে, ৬ ডিচেম্বৰলৈ চলিবলগীয়া এই সাতদিনীয়া শীতকালীন অধিৱেশনত ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ বিৰোধীয়ে সদন উত্তাল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
  • ইপিনে শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই নৱনিৰ্বাচিত ৪ বিধায়কৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব।
  • জনীয়া সমষ্টিৰ নৱনিৰ্বাচিত ৰফিকুল ইছলাম, সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ, ৰঙাপৰা সমষ্টিৰ বিধায়ক ৰাজেন বৰঠাকুৰ আৰু ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in