জিলা পৰিষদৰ সদস্যক পলমকৈ ভাষণ দিবলৈ দিয়াৰ অভিযোগ! ডাঃ ভূমিধৰ বৰ্মনৰ বাসগৃহত অনুষ্ঠিত কংগ্ৰেছৰ সভাত উত্তপ্ত পৰিস্থিতি, VIDEO

জিলা পৰিষদৰ সদস্যক পলমকৈ ভাষণ দিবলৈ দিয়াৰ অভিযোগ! ডাঃ ভূমিধৰ বৰ্মনৰ বাসগৃহত অনুষ্ঠিত কংগ্ৰেছৰ সভাত উত্তপ্ত পৰিস্থিতি, VIDEO

ডিজিটেল সংবাদ, দৌলাশালঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰীত কংগ্ৰেছ দলৰ ভিতৰচ'ৰাত হোৱা তীব্ৰ সংঘাটৰ দেওবাৰে বহিঃপ্ৰকাশ ঘটে বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক ডাঃ ভূমিধৰ বৰ্মনৰ বাসগৃহত অনুষ্ঠিত হোৱা এখন বিশেষ কৰ্মী সভাত। ডাঃ ভূমিধৰ বৰ্মনৰ আহ্বান মৰ্মে দলৰ আভ্যন্তৰীণ বিষয়ক লৈ দেওবাৰৰ দিনত অনুষ্ঠিত হৈছিল কংগ্ৰেছ দলৰ এই বিশেষ সভাখন। প্ৰাক্তন বিধায়ক ডাঃ ভূমিধৰ বৰ্মনৰ সভাপতিত্বত ঠিকেঠাকেই আৰম্ভ হৈছিল সভাখন। পিছে সভাৰ মাজতে লাগিল কেণা।

নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি তথা ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মনৰ এটি কথাত খৰ্গহস্ত হৈ পৰে বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ উপ সভাপতি তথা মুকালমুৱা জিলা পৰিষদৰ সদস্য খাইৰুল হক চৌধুৰী। তাৰ পিছত তৰ্ক-বিতৰ্ক, এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। লগে লগে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পৰিবেশ ক্ৰমাৎ উত্তপ্ত হৈ পৰাত ডাঃ ভূমিধৰ বৰ্মনৰ ব্যক্তিগত সহায়ক আৰু একাংশ কংগ্ৰেছ কৰ্মীয়ে দুয়োটা পক্ষক শান্ত কৰিবলৈ চেষ্টা চলায় যদিও বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ উপ সভাপতি তথা মুকালমুৱা জিলা পৰিষদৰ সদস্য খাইৰুল হ'ক চৌধুৰীৰ একাংশ সমৰ্থকে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মন মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে আৰু প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে সভা ত্যাগ কৰি বাহিৰলৈ ওলাই আহে।

মুকালমুৱা জিলা পৰিষদৰ সদস্য খাইৰুল হ'ক চৌধুৰীয়ে সাংবাদিকৰ আগত কোৱা অনুসৰি তেখেতৰ ব্যক্তিগত কাম থকা হেতুকে সভাপতি ডাঃ ভূমিধৰ বৰ্মনৰ অনুমতি লৈ ওলাই আহিবলৈ লওঁতেই নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনে অপমানসূচক মন্তব্য কৰে। দিগন্ত বৰ্মনে খাইৰুল হকৰ পিনে চোঁচা লৈ অহাৰো অভিযোগ উত্থাপিত কৰে জিলা পৰিষদৰ সদস্য গৰাকীয়ে৷ আনহাতে জিলা সভাপতি দিগন্ত বৰ্মনে জানিবলৈ দিয়া মতে খাইৰুল হক চৌধুৰীক সভাখনত পলমকৈ ভাষণ দিবলৈ দিয়াৰ বাবেই খাইৰুল হ'ক চৌধুৰীয়ে খৰ্গহস্ত হৈ পৰে আৰু সভাখনৰ সভাপতি ডাঃ ভূমিধৰ বৰ্মনক অশালীন মন্তব্য কৰে আৰু তেওঁক বাধা দিবলৈ যাওঁতেই একাংশ কৰ্মীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

দলীয় কৰ্মীসকলৰ মাজত যে খং আৰু ক্ষোভৰ সৃষ্টি হৈছে সেয়া জিলা সভাপতি গৰাকীয়ে দেওবাৰে স্বীকাৰ কৰে। অৱশ্যে সময়ত সকলো ঠিক হৈ যাব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে জিলা সভাপতি গৰাকীয়ে। পিছত পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাত সভা পুনৰ সুকলমে আৰম্ভ হয়। বৰ্তমান সময়ত নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনক বৰক্ষেত্ৰীৰ ৰাইজে তেওঁক ২০২১ ৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে নিবিচাৰে সেয়ে পুত্ৰ দিগন্ত বৰ্মনক উদ্ধাৰ কৰাৰ বাবেই ডাঃ ভূমিধৰ বৰ্মনে মুকালমুৱা ৰাজীৱ ভৱনৰ পৰিবৰ্তে তেখেতৰ নিজা বাসভৱনত কৰ্মীসভাখন অনুষ্ঠিত কৰিছে বুলি একাংশ কংগ্ৰেছ কৰ্মীয়ে মুকলিভাৱে ক্ষোভ প্ৰকাশ কৰে। এতিয়া স্বাভাৱিকতে প্ৰশ্ন উদয় হয় দুয়ো পক্ষৰ এনে সংঘাতে পৰবৰ্তী সময়ত বৰক্ষেত্ৰীত কংগ্ৰেছ দলটিক দুভাগত বিভক্ত কৰিব নেকি? অনাগত দিনত দলটো কিমান শক্তিশালী হ'ব!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in