ৰাজীৱ গান্ধীয়েও সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিছিল, কিন্তু শংকা বিয়পোৱা নাছিলঃ ছোনিয়া গান্ধী…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ৰাজীৱ গান্ধীৰ ৭৫ সংখ্যক জয়ন্তীত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰাৰ লগতে ৰাজীৱ গান্ধীয়ে দেশৰ বাবে কি কি কৰিছিল সেয়া স্মৰণ কৰে। ছোনিয়া গান্ধীয়ে এক প্ৰকাৰে প্রধানমন্ত্ৰী মোডীক সমালোচনা কৰি কয় যে, ৰাজীৱ গান্ধীয়ে সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিছিল। কিন্তু তেওঁ কেতিয়াও দেশত শংকা বিয়পোৱা নাছিল।

কংগ্ৰেছ অধ্যক্ষাগৰাকীয়ে লগতে কয়-ৰাজীৱজীৰ স্মৃতি আজিও আমাৰ হৃদয়ত আছে। তেওঁ ভাৰতক শক্তিশালী, সুৰক্ষিত তথাআত্মনিৰ্ভৰশীল কৰিব বিচাৰিছিল। ৰাজীৱ গান্ধী এজনে এনেকুৱা প্ৰধানমন্ত্ৰী আছিল,যিজনে কম সময়ৰ ভিতৰত দেশৰ একতাৰ বিষয়টো উত্থাপন কৰিছিল আৰু দেশৰ আন্তঃগাঁথনি মজবুতকৰি দেখুৱাইছিল। আৰু এইটোও তেওঁৰেই সিদ্ধান্ত আছিল যে ভাৰতত ১৮ বছৰ বয়সৰনৱপ্ৰজন্মই ভোটদানৰ অধিকাৰ লাভ কৰিব লাগে।

ছোনিয়া গান্ধীয়ে আৰু কয় যে, তেওঁদূৰসঞ্চাৰৰ ক্ৰান্তি কৰাৰ সংকল্প লৈছিল আৰু কম সময়ৰ ভিতৰত সেয়া কৰিছিল। ৰাজীৱগান্ধীয়ে তথ্য-প্ৰযুক্তি ব্যৱহাৰ কেৱল পৰমাণৱিক বোমা, মহাকাশ আৰু মিজাইলৰ জৰিয়তে কৰানাছিল, তেওঁ তাৰ ব্যৱহাৰ সামাজিক পৰিৱৰ্তনৰ গতি তীব্ৰ কৰাৰ বাবেও তথ্য প্ৰযুক্তিৰব্যৱহাৰ কৰিছিল।

ৰাজীৱগান্ধী দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰি থকা সময়ত দেশৰ বাবে কি কি কৰিছিল সেইকথা স্মৰণ কৰি ছোনিয়া গান্ধীয়ে কয়- 'তেওঁ উত্তৰ-পূবত শান্তিময় পৰিস্থিতি বিৰাজকৰাৰ বাবে কংগ্ৰেছ দলকো আওকাণ কৰি তাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল। ভাৰতৰঅৰ্থব্যৱস্থা শক্তিশালী কৰাৰ বাবে প্ৰথম পদক্ষেপ লৈছিল ৰাজীৱ গান্ধীয়ে। লগতে তেওঁএই বিষয়ত সচেতন আছিল যে যদি ভাৰতে সমগ্ৰ বিশ্বৰ আগত মৰ্যাদা লাভ কৰিব বিচাৰেতেন্তে হাতে-কামে লাগিব লাগিব। এই কামবোৰ অহংকাৰ দেখুৱাই বা প্ৰতিবাদ কৰি নহয়, কৰ্মৰজৰিয়তে সফল কৰিব লাগিব।' লগতে তেওঁ কয় যে, এইবোৰ বৰ্তমান কোনেও কৰিব নোৱাৰে, যিবোৰৰাজীৱ গান্ধীয়ে কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in