প্ৰাৰ্থিত্ব প্ৰদানতে দায়িত্ব সামৰিছে নেকি কংগ্ৰেছ নেতৃত্বই

প্ৰাৰ্থিত্ব প্ৰদানতে দায়িত্ব সামৰিছে নেকি কংগ্ৰেছ নেতৃত্বই

ডিজিটেল ডেস্কঃ প্ৰাৰ্থিত্ব প্ৰদানতে দায়িত্ব সামৰিছে কংগ্ৰেছে। যি হাৰত দলটোৱে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাব লাগিছিল, তেনে নিৰ্বাচনী প্ৰচাৰ পৰিলক্ষিত হোৱা নাই কংগ্ৰেছৰ। প্ৰধান বিৰোধী দল কংগ্ৰেছে এইবাৰ অসমৰ প্ৰায় ৮ খন আসনত প্ৰাৰ্থী জয়ী কৰি নিয়াৰ প্ৰবল সম্ভাৱনা আছিল। সেই সুযোগ গ্ৰহণ কৰিব পৰা নাই দলটোৱে।

প্ৰায়বোৰ সমষ্টিতেই এতিয়া দলটোৰ প্ৰাৰ্থীগৰাকীৰ বাদে আন নেতা তথা প্ৰাক্তন মন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত মন দিয়া নাই। কংগ্ৰেছৰ বিজয়ৰ সম্ভাৱনা থকা অন্যতম সমষ্টি আছিল যোৰহাট। প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁয়ে এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। সমষ্টিটোত প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ বিপৰীতে দলটোৰ কোনো লেখত ল'বলগীয়া জ্যেষ্ঠ নেতাই প্ৰাৰ্থীজনৰ হৈ নিৰ্বাচনী প্ৰচাৰত নমা নাই। তাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী তপন গগৈৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে মুখ্যমন্ত্ৰীয়েও প্ৰচাৰ চলাইছে যোৰহাট লোকসভা সমষ্টিত।

কলিয়াবৰত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ প্ৰথমে আগবাঢ়ি থাকিলেও বৰ্তমান অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ ভেটি লাহে লাহে দৃঢ় হৈছে। অৱশ্যে এআইইউডিএফৰ সৈতে এই সমষ্টিটোত কংগ্ৰেছৰ গোপন বুজাপৰা থকাৰ বাবে সংখ্যালঘু কিছু ভোট কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা সম্ভাৱনা আছে। নিৰ্দলীয় প্ৰাৰ্থী জীতেন গগৈ আৰু এন পি পিৰ প্ৰাৰ্থীগৰাকীয়েও গৌৰৱ গগৈৰ ভোটৰ কিছু অংশ কাঢ়ি নিলে সমষ্টিটোত মণিমাধৱ মহন্ত জয়ী হ'লেও আচৰিত হ'বলগা নাথাকিব।

এই সমষ্টিটোত বিজেপিৰ তুলনাত ম্লান পৰি আছে কংগ্ৰেছৰ প্ৰচাৰ। নগাঁৱত বিজেপিৰ ৰূপক শৰ্মা আৰু কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈৰ মাজত পোনপোটীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। প্ৰদ্যুত বৰদলৈৰ সৈতে ৰকিবুল হুছেইনে নিৰ্বাচনী প্ৰচাৰ চলাই আছে যদিও এই সমষ্টিটোত কংগ্ৰেছৰ বিশাল জনসভা দেখিবলৈ পোৱা হোৱা নাই।

তেজপুৰত এম জি ভি কে ভানুৱে প্ৰচাৰ অব্যাহত ৰাখিছে যদিও খোদ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সমষ্টিতেই ভাল সঁহাৰি লাভ কৰা নাই এই প্ৰাৰ্থীগৰাকীয়ে। গহপুৰত ভানুতকৈ আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস। শিলচৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে। বিজেপিৰ প্ৰচাৰৰ বিপৰীতে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত বিশেষ উৎসাহ নাই সমষ্টিটোত। এই সমষ্টিলৈ অহা নাই কোনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা। দলটোৰে কেইজনমান বৰাকৰ নেতাই বৰ্তমানৰ কংগ্ৰেছ সাংসদগৰাকীক চিপৰাং মাৰি তেওঁক কেনেদৰে পৰাস্ত কৰিব পাৰি তাৰ ষড়যৱন্ত্ৰ ৰচাত ব্যস্ত হৈ পৰিছে। এতিয়ালৈকে বোকাখাতত ৰাহুল গান্ধীয়ে এখন জনসভা সম্বোধন কৰিছে। এই জনসভাত দেখা পোৱা গৈছিল বিশাল জনসমাৱেশ।

এইবাৰ কংগ্ৰেছে অতি কমেও ৮ খন আসনত আছিল জয়লাভৰ সম্ভাৱনা। যোৰহাট, কলিয়াবৰ, নগাঁও, বৰপেটা, তেজপুৰ, শিলচৰ, কৰিমগঞ্জ আৰু গুৱাহাটীত কংগ্ৰেছে সঠিক প্ৰচাৰ আৰু উপযুক্ত প্ৰাৰ্থী প্ৰক্ষেপ কৰি বিজেপিক তীব্ৰ প্ৰত্যাহ্বান জনোৱাৰ সম্ভাৱনা আছিল। কৰিমগঞ্জ আসনখন এআইইউডিএফৰে গোপন মিত্ৰতাৰে দলটোক ৱাক অভাৰ দিয়াৰ দৰে হৈছে।

ধুবুৰী আসনখনতো একেই দুৰ্বল প্ৰাৰ্থী আৰু প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতত জৰ্জৰিত কংগ্ৰেছ। গুৱাহাটী সমষ্টিত কংগ্ৰেছে শেষ মুহূৰ্তত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল। কিন্তু এই সমষ্টিটোত এতিয়ালৈকে ববিতা শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা নাই দলটোৰ এজনো নেতাই। আনকি ববিতা শৰ্মাই মনোনয়ন দিয়াৰ সময়তে তেওঁৰ কাষত নাছিল লেখত ল'বলগা কংগ্ৰেছৰ এজনো জ্যেষ্ঠ নেতা। অকন বৰা, ৰেকিবুদ্দিন আহমেদকে সংগী কৰি লৈ মনোনয়ন পত্ৰ দিব লগা হৈছিল ববিতা শৰ্মাই। লখিমপুৰ সমষ্টিত গণশক্তিৰ প্ৰভাৱ থকা অঞ্চল সমূহত কংগ্ৰেছ প্ৰাৰ্থীয়ে বিশেষ প্ৰভাৱ পেলাব পৰা নাই।

ইফালে, কোটি টকাৰ বিনিময়ত প্ৰাৰ্থিত্বৰ দৰ দাম চলোৱাৰ অভিযোগ উত্থাপন হৈছে প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে। প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো এতিয়া নিজৰ ভুলৰ বাবে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত দলটোৱে পুনৰ এবাৰ পৰাজয়ৰ দিশে গতি কৰিছে। যি সময়ত বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ ব্যপক কৰি তুলিছে সেই সময়ত প্ৰায়কেইটা সমষ্টিতে নিস্তেজ হৈ পৰিছে কংগ্ৰেছৰ প্ৰচাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in