দেৰগাঁৱত কংগ্ৰেছ আগত, পিছে পিছে বিজেপি

ডিজিটেল সংবাদ, দেৰগাঁওঃ দেৰগাঁও জিলা পৰিষদৰ ৩ নং দক্ষিণ পূৱ কাকডোঙা গাঁও পঞ্চায়তত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ৫ টা ৱাৰ্ড দখল কৰাৰ লগতে বিজেপিয়ে ২টা ৱাৰ্ড আৰু অগপ দলে ২টা ৱাৰ্ড দখল কৰে। ইয়াৰ লগতে পঞ্চায়ত খনৰ এটা ৱাৰ্ড দখল কৰিছে নিৰ্দলীয় প্ৰাৰ্থীয়েও।

অন্য হাতে পঞ্চায়তখনত সভাপতি পদত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী নিপন গগৈয়ে জয় লাভ কৰে। পঞ্চায়ত খনৰ আঞ্চলিক পঞ্চায়ত সদস্য পদটো ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিৰেন বৰাই জয় লাভ কৰে।

দেৰগাঁও জিলা পৰিষদ সমষ্টিৰ অৰ্ন্তগত ৪নং উত্তৰ পশ্চিম কাকডোঙা গাঁও পঞ্চায়তৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ৭টা ৱাৰ্ডত জয় লাভ কৰাৰ বিপৰীতে ভাৰতীয় জনতা পাটিয়ে ২ টা ৱাৰ্ড আৰু অগপ দলে ১ টা ৱাৰ্ডতে জয় লাভ কৰি সন্তুষ্ট থাকিব লগা হয়।

উত্তৰ পশ্চিম কাকডোঙা গাঁও পঞ্চায়ত সভাপতি পদত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জোন্তি হাজৰিকা জয় লাভ কৰাৰ লগতে আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ন্ত গগৈ জয় লাভ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in