প্ৰবীন কমিউনিষ্ট নেতা কুশৰাম গগৈৰ দেহাৱসান…

প্ৰবীন কমিউনিষ্ট নেতা কুশৰাম গগৈৰ দেহাৱসান…

ডিজিটেল সংবাদ, বঢ়মপুৰ: নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কন্দলীৰ কুঁহিয়াৰতলি নিবাসী, প্ৰবীণ কমিউনিষ্ট তথা ষাঠি-সত্তৰ দশকৰ ভূমি অধিকাৰ আন্দোলনৰ লগত জড়িত কৃষক নেতা কুশৰাম গগৈ আৰু নাই। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা এইগৰাকী কৃষক নেতাৰ নিজ বাসভৱনত সোমবাৰে সন্ধিয়া প্ৰায় ৭.৪৫ বজাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮৩ বছৰ। ষাঠি দশকৰ শেষৰ ফালে কুশৰাম গগৈ কমিউনিষ্ট পাৰ্টিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলত যোগদান কৰি সেইসময়ত দেশজুৰি হোৱা মাটি দখল আন্দোলনৰ অংশ হিচাপে অবিভক্ত নগাঁও জিলাত গঢ়ি উঠা এই আন্দোলনত জপিয়াই পৰে ।

সেই সময়ৰ ফণী বৰা, কেহোৰাম হাজৰিকা, দেৱ বৰা, কমল বৰা, সুৰেন ভূঞা, পূৰ্ণ মেধি আদি কমিউনিষ্ট নেতা তথা কৃষক আন্দোলনৰ গুৰি ধৰোঁতা সকলৰ লগত নিজকে উচৰ্গা কৰি জিলাখনত কৃষকসকলক সংগঠিত কৰিবলৈ নিস্বাৰ্থভাৱে নিজকে তেওঁ আত্মনিয়োগ কৰিছিল । সৎ , সাহসী, নিৰ্ভীক , নীতিনিষ্ঠ কুশৰাম গগৈ মৃত্যু পৰ্যন্ত চি পি আইৰ আজীৱন সদস্য হৈ থাকি নিজৰ সুখ-দুখৰ কথা নাভাবি সমাজৰ প্ৰগতিৰ হকেই কৃষকসকলক আগবঢ়াই নিয়াৰ বাবে ঐক্যৱদ্ধ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছিল।

তেখেতৰ বিয়োগত চি পি আইৰ নগাঁও জিলা সমিতিৰ সম্পাদক ৰাতুল বৰাই গগৈৰ শৱদেহত ৰক্ত পতাকা প্ৰদান কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে। নিখিল ভাৰত কৃষক সভা, এ আই টি ইউ চি, অসম মহিলা সংঘ, নিখিল ভাৰত যুৱ ফেডাৰেচন , এ আই এছ এফ আৰু গণনাট্য সংঘৰ নগাঁও জিলা সমিতিয়েও গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শ্ৰদ্ধা নিবেদন কৰে। মৃত্যুৰ সময়ত তেখেতে দুজন পুত্ৰ, বোৱাৰী, দুগৰাকী জীয়ৰী, নাতি-নাতিনীকে ধৰি বহু আত্মীয়-স্বজনক এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in