অপৰূপ সৌন্দৰ্য, নিশাৰ ভিতৰতে কেনেকৈ সলনি হ’ল কলঙৰ পানীৰ ৰং, চাওঁক VIDEO

অপৰূপ সৌন্দৰ্য, নিশাৰ ভিতৰতে কেনেকৈ সলনি হ’ল কলঙৰ পানীৰ ৰং, চাওঁক VIDEO

ডিজিটেল সংবাদ, ৰহাঃ ৰহাত নিশাটোৰ ভিতৰতে সলনি হ'ল কলঙৰ ৰূপ। কোনো দিনে নেদেখা কলঙৰ নতুন ৰূপ দেখিলে কলংপৰীয়া ৰাইজে। যেন সৃষ্টিশীল শিপ্পীয়ে অঁকা এখন ছবি। কলং নদীৰ পানী হথাতে হৈ পৰিল স্ফটিকৰ দৰে স্বচ্ছ, পৰিস্কাৰ আৰু গাঢ় নীলা। আকাশৰ শুকুলা কিম্বা কলীয়া ডাৱৰ, পাৰৰ গছ বন কলঙৰ পানীত জিলিকি উঠিছে দাপোনৰ দৰে।

ৰহাত কপিলী, বৰপানী আদি নদীৰ বানৰ বিভীষিকা। কেৱল বোকাময় পানী আৰু পানী। তাৰ বিপৰীতে কলং নদীৰ এই সৌন্দৰ্য। কিন্তু এই সৌন্দৰ্যই মানুহক আকৰ্ষণ কৰাৰ বিপৰীতে ভীতিগ্ৰস্থহে কৰি তুলিছে। কিয়নো চৌদিশে মহামাৰী কৰোনাৰ আতংকৰ মাজতে বানপানীয়ে সৃষ্টি কৰিছে আন এক প্ৰলয়ৰ।

তাৰ মাজতে শান্ত হৈ থকা কলঙৰ এই ৰূপে আনন্দৰ পৰিবৰ্তে কলংপৰীয়া ৰাইজৰ মনত সৃষ্টি কৰিছে উদ্গিনতা। কাহানীও নেদেখা কলঙে লৈছে কিয় এনে ৰূপ! ইয়াৰ ৰহস্য কি?

ৰহাৰ দীঘলদৰিৰ পৰা ফুলগুৰিলৈকে কলঙৰ এই ৰূপে সকলোকে আকৰ্ষণ কৰিছে যদিও জিজ্ঞাসাও বঢ়াইছে সকলোৰে মনত। ৰহস্য কি? সকলোৰে মনত একেই প্ৰশ্ন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in