কয়লাখনিত ভূমিস্খলনঃ ১৬ জনে হেৰুৱালে প্ৰাণ, উদ্ধাৰ অভিযান অব্যাহত

কয়লাখনিত ভূমিস্খলনঃ ১৬ জনে হেৰুৱালে প্ৰাণ, উদ্ধাৰ অভিযান অব্যাহত

ডিজিটেল ডেস্কঃ দেওবাৰে দক্ষিণ পশ্চিম চীনৰ এক কয়লাখনিত ভূমিস্খলন হৈ ১৬ জন শ্ৰমিকৰ মৃত্যু হয়। এজনৰ অৱস্থা সংকটজনক।দেশখনৰ বাতৰি পৰিৱেশন সংস্থা চিনহুৱাক চীনা প্ৰশাসনে জনোৱা অনুসৰি, পুৱাৰ ভাগত এডাল কনভেয়ৰ বেল্টত জুই লাগে আৰু তাৰ পিছত ই বহু পৰিমানৰ কাৰ্বন মনক্সাইডৰ উৎপন্ন হয়। যাৰ ফলত সৃষ্টি হয় এক ভয়ংকৰ অগ্নিকাণ্ড।

চিচি টিভিৰ তথ্য অনুসৰি আঘাটপ্ৰাপ্ত সকলক সুৰক্ষিত কৰাৰ বাবে চিকিৎসক সকল তৎপৰ হৈছে। কিজিয়াং জিলাই গোটেই বিষয়টোৰ সন্দৰ্ভত অনুসন্ধান চলাই আছে । চীনত এনে ধৰণৰ ঘটনা নতুন নহয় যদিও নিৰাপত্তাৰ আইন পালনৰ ক্ষেত্ৰত উদ্যোগসমূহ যথেষ্ট দুৰ্বল।    

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in