মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা থানৰ কীৰ্তন ঘৰৰ গুৰু আসন পুনৰ প্ৰতিষ্ঠাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী লৈ দেওবাৰে উপস্থিত হ’ব বটদ্ৰৱা থানত…

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা থানৰ কীৰ্তন ঘৰৰ গুৰু আসন পুনৰ প্ৰতিষ্ঠাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী লৈ দেওবাৰে উপস্থিত হ’ব বটদ্ৰৱা থানত…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ দেওবাৰে পুৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ আহিব। উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি বিগত মে' মাহত বটদ্ৰৱালৈ আহোতে পৰিচালনা সমিতিক জনাইছিল যে ব্যক্তিগত প্ৰচেষ্টাৰ মাজেৰে তেওঁ কীৰ্তন ঘৰৰ উন্নীতকৰণ কৰিব বিচাৰে। থানৰ উন্নয়ণৰ স্বাৰ্থত পৰিচালনা সমিতিয়ে তাক গ্ৰহণ কৰাৰ পাছত যোৱা ২১ জুলাইত পত্নী ৰিনিকি ভূঞা শৰ্মাক লগত লৈ ঐতিহাসিক বটদ্ৰৱা থানৰ কীৰ্তনঘৰ, মণিকূটৰ চিলিং নিৰ্মাণ, মজিয়া মাৰ্বল লগোৱা , বৈদ্যুতিকৰণ , ৰং কৰা গুৰু আসনত হেঙুল হাইতালেৰে সজোৱা কামৰ শুভাৰম্ভণি কৰিছিল।

এই কাম সম্পূৰ্ণ হোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে অহা কাইলৈ মাঘৰ দুই তাৰিখে কীৰ্তন ঘৰৰ গুৰু আসন ভাগ পুনৰ স্থাপন কৰা পবিত্ৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব। যাৰ পৰিপেক্ষিতত ক'ভিডৰ প্ৰভাৱৰ মাজতো চৰকাৰী নীতি নিয়ম ৰক্ষা কৰি কীৰ্তনৰ দ্বাৰা উদ্ঘাটন কৰা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰীৰ বটদ্ৰৱা ভ্ৰমণৰ বাবে দিনে নিশাই কাম চলিছে। প্ৰশাসনেও ক্ষিপ্ৰ তদাৰক কৰিছে। পৰবৰ্তী সময়ত দুুপৰীয়া মুখ্যমন্ত্ৰী মহোদয়ে বটদ্ৰৱাৰ শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠান আৰু দুৰ্যোগৰ মাজত যেনে-তেনে এগছি বন্তি জ্বলাই ৰখা কোবাইকটা সত্ৰ পৰিদৰ্শন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in