হঠাৎ ৰাজপথত গাড়ীৰ পৰা নামি মুখ্যমন্ত্ৰীয়ে কৰ্তব্যৰত আৰক্ষীৰে পাতিলে কি কথা… VIDEO

হঠাৎ ৰাজপথত গাড়ীৰ পৰা নামি মুখ্যমন্ত্ৰীয়ে কৰ্তব্যৰত আৰক্ষীৰে পাতিলে কি কথা… VIDEO

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ ৰাজপথত গাড়ীৰ পৰা হঠাৎ নামিল মুখ্যমন্ত্ৰী সোণোৱাল। তাৰপাছতে সোণোৱালে আগবাঢ়ি গ'ল উলুবাৰীত কৰ্তব্যৰত একাংশ আৰক্ষীৰ ফালে। মুখ্যমন্ত্ৰীৰ সৈতে আছিল অসম আৰক্ষীৰ সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্ত।

প্ৰথমে এজন ট্ৰেফিক ব্ৰাঞ্চৰ আৰক্ষীক সুধিলে কুশল বাৰ্তা। অভিবাদনো গ্ৰহণ কৰিলে আৰক্ষী জনৰ পৰা। তাৰপাছত আন এজনলৈ আগবাঢ়ি মুখ্যমন্ত্ৰীয়ে সুধিলে- কি নাম? সুধিলে ক'ত থাকা। আৰু উপদেশ দিলে ভালে থাকিব দে।

এনেদৰে মুখ্যমন্ত্ৰীয়ে কেইবাজনো আৰক্ষীৰ সৈতে মতবিনিময় কৰিলে ৰাজপথতে। মুখ্যমন্ত্ৰীক সহযোগ কৰিলে আৰক্ষী সঞ্চালক প্রধানগৰাকীয়ে। লগত আছিল মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী। আৰক্ষী বিষয়াসকলক সুধিলে- গা-মূৰ ভালে আছেনে?

মহিলা আৰক্ষী বিষয়া এগৰাকীৰো খবৰ ল'লে মুখ্যমন্ত্ৰীয়ে। এজন হোমগাৰ্ডৰো খবৰ ল'লে তেওঁ। তেওঁৰ ডিউটী তাতেই নেকি বুলিও সুধিলে মুখ্যমন্ত্ৰীয়ে। কোৰোনা ভাইৰাছৰ বাবে সমগ্ৰ দেশ লকডাউ দিয়া সময়ত ৰাজ্যৰ ৭০হাজাৰৰো অধিক আৰক্ষী এতিয়া ব্যস্ত দিনে-নিশাই। মুখ্যমন্ত্ৰীয়ে তেওঁলোকক উৎসাহিত কৰাৰ লগতে এই আৰক্ষী সকলক উপযুক্ত বীমাৰ সুবিধা প্ৰদান কৰাৰো কথা ঘোষণা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in