হ্ৰাস পাইছে দুৰ্নীতি, ১৫ আগষ্টৰ ভাষণত দাবী মুখ্যমন্ত্ৰীৰ

ফটোঃ চিন্ময় ৰয়
ফটোঃ চিন্ময় ৰয়

ডিজিটেল সংবাদ, গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে অসমতো ভিন্ন প্ৰান্তত ৭২ সংখ্যাক স্বাধীনতা দিৱস উলহ-মালহৰে পালন কৰা হয়। স্বাধীনতা দিৱস উপলক্ষে খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত কাৰ্যসূচীত পতাকা উত্তোলন কৰি ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সমূহ অসমবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ৰাজ্যখনক আগবঢ়াই নিবলৈ তেওঁৰ চৰকাৰখনে সকলো প্ৰচেষ্টা হাতত লৈছে বুলি ভাষণৰ আৰম্ভণিত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমক দুৰ্নীতিমুক্ত, প্ৰদূষণমুক্ত, সন্ত্ৰাসবাদমুক্ত ৰাজ্য হিচাপে গঢ়াৰ সংকল্পৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জাতিৰ পিতাৰ লগতে বীৰ শ্বহীদসকলকো স্মৰণ কৰে।

'আমি শাসনলৈ অহাৰ সময়ত ৰাজ্যখনক বিদেশীমুক্ত কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলো। এইক্ষেত্ৰ এনআৰচিৰ জৰিয়তে আমি এটাপ আগবাঢ়িছো। এনআৰচি হ'ব আমাৰ ৰক্ষা কৱচ। কোনো বৈধ ভাৰতীয়ৰ নাম যাতে এনআৰচিৰ পৰা বাদ নপৰে তাৰ বাবে আমি সংকল্পবদ্ধ। কোনো বিদেশীৰ নাম যাতে ইয়াত নোসোমায় তাৰ প্ৰতিও আমাৰ চৰকাৰে দৃষ্টি ৰাখিছে'।– সোণোৱালে কয়।

এপিএছচি কেলেংকাৰীৰ প্ৰসংগ উল্লেখ কৰি দুৰ্নীতি ৰোধ কৰাত সফল হৈছে বুলিও দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰশাসন ব্যৱস্থাটো অধিক স্বচ্ছ আৰু সম্পূৰ্ণ দুৰ্নীতিমুক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰো আশ্বাস প্ৰদান কৰে সোণোৱালে। ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰত-বাংলাদেশ সীমান্ত ছীলকৰণ, অসম চুক্তিৰ বিভিন্ন দফা ৰূপায়ণ, নতুন ভূমি নীতি কাৰ্যকৰীকৰণ, ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলৰ ভূমি সংৰক্ষণৰ বাবে চৰকাৰে হাতত লোৱা বিভিন্ন পদক্ষেপৰ বিষয়েও ৰাজ্যবাসীক অৱগত কৰে।

শ্বহীদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিগত বৰ্ষসমূহৰ তুলনাত ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি যথেষ্ট উন্নত হৈছে। এইক্ষেত্ৰত তেওঁ কাজিৰঙাত গঁড়ৰ চোৰাং চিকাৰ উল্লেখনীয়ভাৱে হ্ৰাস পোৱাৰ কথা উদাহৰণ হিচাপে উল্লেখ কৰে। কাজিৰঙাৰ বনকৰ্মীক অত্যাধুনিক মাৰণাস্ত্ৰ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে যোৱা দুটা বছৰত ১৭০ জন চোৰাং চিকাৰী আৰক্ষীৰ জালত পৰিছে। চোৰাং চিকাৰীৰ বিচাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে ১০খন ফাষ্ট ট্ৰেক ক'ৰ্ট স্থাপনৰ কথাও তেওঁ সদৰী কৰে।

ভাষণত বনানীকৰণৰ বাবে চৰকাৰে হাতত লোৱা অভিলাষী আঁচনিৰ কথাও ৰাইজক জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। 'আমি ৰাজ্যৰ ভিন্ন স্থানত ৪ কোটি ৫০ লাখ গছপুলি ৰোপণ কৰিছো। অনাগত দিনসমূহতো এয়া অব্যাহত থাকিব। আমি কাজিৰঙাত বানৰ সময়ত বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰিবলৈকো ব্যৱস্থা হাতত লৈছো। ইয়াৰ বাবে নিৰ্মাণ কৰিছো ৩৩টাকৈ হাইলেণ্ড'।–মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন উদ্যোগপতিয়ে ৰাজ্যখনত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে। গুৱাহাটীত ভূটান আৰু বাংলাদেশৰ বাণিজ্যিক দূতাবাস স্থাপন কৰা হৈছে বুলিও সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।'পূৰ্বৰ চৰকাৰৰ দিনত অসম্পূৰ্ণ হৈ থকা ৩ লাখ আইএৱাই গৃহ সম্পূৰ্ণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ১ লাখ ৯৮ হাজাৰ গৃহ নিৰ্মাণৰ কাম আমি অব্যাহত ৰাখিছো। সৌভাগ্য আঁচনিৰ জৰিয়তে প্ৰতিটো পৰিয়ালকে আমি বিদ্যুত সংযোগ কৰিবলৈ সংকল্পৱদ্ধ।'-যোৱা দুটা বছৰত ৩২.৫২ লাখ পৰিয়ালক কৰ্মসংস্থাপন প্ৰদান কৰা বুলি উল্লেখ কৰি এইদৰে কয় সোণোৱালে। এই সময়ছোৱাত ১৯ লাখ পৰিয়াললৈ উজ্জ্বলা আঁচনিৰ অধীনত বিনামূলীয়া ৰন্ধন গেছ যোগান ধৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে।

আজিৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰামাঞ্চলত ৯৮৪২ কিঃমিঃ পথ নিৰ্মাণত চৰকাৰে অনুমোদন জনোৱাৰ কথা ৰাজ্যবাসীক জানিবলৈ দিয়ে। তেওঁ কয় যে অনাগত সময়ছোৱাত ১০০০ খন কাঠৰ দলং পকী দলঙলৈ উন্নীতকৰণৰ লক্ষ্য চৰকাৰে হাতত লৈছে আৰু ইয়াৰে ২০০ খন কাঠৰ দলং পকীকৰণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। 'ৰাজ্যত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য ৩,৮০০ৰ পৰা ৭০০০ কিলোমিটাৰলৈ সম্প্ৰসাৰণ কৰা হৈছে। ১৮৪৪ কিঃমিঃ ৰাজ্যিক পথক ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণ কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত বগীবিল-কলিয়াভোমোৰাত দুখন দলঙৰ কামো চলি আছে। মাজুলীৰ যাতায়াত সুচল কৰাৰ বাবে চাৰিখন নতুন ফেৰীসেৱাৰ ব্যৱস্থাও আমি কৰিছো'।–সোণোৱালৰ আশ্বাসপূৰ্ণ মন্তব্য।

এই ভাষণত তেওঁ কৃষকসকলকো সামৰি লয়। কৃষকৰ আয় বৃদ্ধি কৰিবৰ বাবে ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ আৰু হেল্থ কাৰ্ড বিতৰণৰ লগতে আন বিভিন্ন পদক্ষেপত চৰকাৰে ৩০ হাজাৰ কোটি টকা ব্যয় কৰা বুলিও জানিবলৈ দিয়ে মু্খ্যমন্ত্ৰীগৰাকীয়ে।ছালানি মাছত ফৰমেলিন দিয়া নিদিয়াক লৈ বিতৰ্ক চলি থকাৰ মাজতে আজিৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা বছৰৰ তুলনাত ৰাজ্যখনত মাছৰ উত্‍পাদন ২০ হাজাৰ মেট্ৰিকটন বৃদ্ধি পোৱা বুলিও জনায়।

২০ বছৰ অনূৰ্ধ্ব বিশ্ব এথলেটিকছত স্বৰ্ণজয়ী হিমা দাস আৰু বিশ্ব যুৱ মহিলা বক্সিঙত স্বৰ্ণপদক জয়ী অংকুশিতা বড়োৰ কথা উল্লেখেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাধীনতা দিৱসৰ এই শুভক্ষণত অসমীয়া নাৰীসকল আৰু অধিক আগুৱাই যাব বুলি আশা প্ৰকাশ কৰে। অসমীয়া নাৰীক ত্যাগ, কষ্ট আৰু সহিষ্ণুতাৰ প্ৰতীক আখ্যা দি মুখ্যমন্ত্ৰীগৰাকীয়ে 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ জৰিয়তে বিশ্বত চৰ্চা লাভ কৰা ৰীমা দাসৰ প্ৰসংগও অৱতাৰণা কৰে।

চৰকাৰে ৰাজ্যৰ সাংবাদিকসকলৰ কল্যাণৰ দিশটোতো বিশেষভাৱে মনোযোগ প্ৰদান কৰাৰ কথা উল্লেখ কৰি ৩১ গৰাকী সাংবাদিকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ লগতে অৱসৰপ্ৰাপ্ত ২০ সাংবাদিকলৈ পেঞ্চন আৰু ২০ গৰাকী সাংবাদিকক মিডিয়া ফেল'শ্বিপ প্ৰদান কৰা হৈছে বুলি সদৰী কৰে।শদিয়াত সুধাকণ্ঠৰ নামেৰে সমন্বয় ক্ষেত্ৰ গঢ়াৰ সিদ্ধান্তৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

দীঘলীয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে চাহ শ্ৰমিকসকলৰ উন্নয়নৰ বাবে হাতত লোৱা একাধিক আঁচনিৰ কথাও উল্লেখ কৰে। শেহতীয়াকৈ দেখা দিয়া অন্ধ বিশ্বাস আৰু কু-সংস্কাৰ নাইকিয়া কৰিবলৈ 'মানুহে মানুহৰ বাবে' আঁচনি গ্ৰহণ কৰা হৈছে বুলিও উপস্থিত ৰাইজক অৱগত কৰে সোণোৱালে। ইফালে স্বাধীনতা দিৱসৰ কুচকাৱাজৰ মাজতে প্ৰখৰ ৰ'দৰ বাবে কেবাগৰাকী জোৱান অনুষ্ঠানথলীতে ঢলি পৰাৰো বাতৰি পোৱা গৈছে। ইয়াৰ মাজতে দৃষ্টিনন্দন কুচকাৱাজ তথা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰে খানাপাৰা খেলপথাৰত উদযাপিত হয় স্বাধীনতা দিৱস।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in