সৰ্বানন্দ সোণোৱাল ৰাজহাড় নাইকীয়া মুখ্যমন্ত্ৰীঃ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, VIDEO

সৰ্বানন্দ সোণোৱাল ৰাজহাড় নাইকীয়া মুখ্যমন্ত্ৰীঃ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, VIDEO

ডিজিটেল সংবাদ, চেঙাঃ অসম চৰকাৰে কেবিনেটৰ জৰিয়তে ভূমিনীতি সন্দৰ্ভত লোৱা নতুন সিদ্ধান্তৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে। সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক জাকিৰ হুছেইন শিকদাৰে বিজেপি নেতৃত্বক তথা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনক তুলাধূনা দিয়ে। যি অধ্যাদেশ জাৰিৰ জৰিয়তে নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ অনুগত গুজৰাটী বেপাৰীসকলে অসমৰ কৃষকৰ ভূমি সহজতে কিনিব পাৰে তথা অসমৰ দুখীয়া মানুহখিনিক পিঠিত বুকুত গুৰ মাৰি যাতে বনিয়াসকলে অসমত উদ্যোগ স্থাপন কৰিব পাৰে তাৰ বাবে চৰকাৰে এই ভূমিনীতি প্ৰস্তুত কৰিছে বুলি মন্তব্য কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে।

ভূমিনীতিৰ যি অধ্যাদেশ জাৰি কৰিছে সেই অধ্যাদেশে অসমীয়া জাতিৰ মূৰত কুঠাৰঘাত কৰিছে বুলিও উল্লেখ কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে। বিধায়কগৰাকীয়ে আৰু কয় যে, "জাতি -মাটি-ভেটিৰ কথা কোৱা, শৰাইঘাটৰ শেষ ৰণৰ কথা কোৱা চৰকাৰখনে আকৌ প্ৰমাণ কৰিলে যে বিজেপি দলে কেতিয়াও জাতি-মাটি -ভেটিৰ কথা চিন্তা নকৰে। শৰাইঘাটৰ শেষ ৰণ আছিল লাচিতে মোগলৰ বিৰুদ্ধে ৰণ কৰিছিল। কিন্তু বিজেপিয়ে যি শৰাইঘাটৰ ৰণৰ কথা কৈছে; সেই ৰণ হৈছে অসমৰ খিলঞ্জীয়াৰ বিৰুদ্ধে, অসমীয়া জাতিৰ বিৰুদ্ধে।"

বিধায়ক জাকিৰ হুছেইন শিকদাৰে পুনৰ কয় যে- "আমি অসমীয়া হিচাপে অতিকৈ দুৰ্ভাগ্য যে সৰ্বানন্দ সোণোৱালৰ নিচিনা ৰাজহাড় নথকা এজনে মুখ্যমন্ত্ৰীৰ চকীত বহি আছে।" কোনো এজন দুখীয়া অসমীয়াৰ মাটি বণিক গোষ্ঠীৰ হাতত গতাবলৈ দিয়া নহ'ব বুলিও চৰকাৰলৈ প্ৰত্যাহ্বান জনায় বিধায়ক জাকিৰ হুছেইন শিকদাৰে। বিজেপি নেতৃত্বক তীক্ষ্ণ সমালোচনা কৰি জাকিৰ হুছেইন শিকদাৰে কয় যে- "এই ভাষাও থাকিব, এই মাটিও থাকিব, এই জাতিও থাকিব।নাথাকিব কেৱল বিজেপি, নাথাকিব কেৱল সৰ্বানন্দ সোণোৱাল, নাথাকিব কেৱল হিমন্ত বিশ্ব শৰ্মা, নাথাকিব চন্দ্ৰমোহন পাটোৱাৰী আৰু নাথাকিব আৰএছএছ।"

আনহাতে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিজেপি দলক সকিয়নি প্ৰদান কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সকিয়নি প্ৰদান কৰি বিধায়কগৰাকীয়ে কয় যে, "আপোনাৰ জনবিৰোধী নীতি আৰু সহ্য কৰা নহয়।" বণিক গোষ্ঠীৰ পৰা নিৰ্বাচনৰ বাবে গুজৰাটী বেপাৰীসকলৰ পৰা টকা আনি অসমীয়াৰ ভোট কিনাৰ যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত কাম নিদিয়ে বুলিও বিস্ফোৰক মন্তব্য কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in