মোডী একেৰাহে ১৫ বছৰ হ’ব প্ৰধানমন্ত্ৰী, ৰাহু-চন্দ্ৰৰ দশা মুখ্যমন্ত্ৰী সোণোৱালৰ মন্ত্ৰীসভাত!

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত লোকসভা নিৰ্বাচন, দেশৰ ৰাজনীতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভৱিষ্যদ্বাণী৷ দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰত চৰকাৰ গঠন কৰিব বিজেপিয়ে৷ পুনৰবাৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব নৰেন্দ্ৰ মোডী৷ একেৰাহে ১৫ বছৰ প্ৰধানমন্ত্ৰী হোৱাৰ যুগ আছে নৰেন্দ্ৰ মোডীৰ৷

অসমৰ মুখ্যমন্ত্ৰী সোণোৱালৰ মন্ত্ৰীসভা সন্দৰ্ভত বৰ্ষফল গণনাত উদ্বেগজনক তথ্য৷ ১৯ এপ্ৰিল পৰ্যন্ত ৰাহু-চন্দ্ৰৰ দশা চলিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ শাৰিৰীক-মানসিক কষ্টত ভূগিব মুখ্যমন্ত্ৰী৷ চন্দ্ৰ-বৃহস্পতিৰ দশাত কৰ্মক্ষেত্ৰত বৃদ্ধি পাব জটিলতা৷ বৰ্ষফল গণনা অনুসৰি ৰাজ্যখনৰ বাবে অনুকূল নহয় আগন্তুক বছৰটো৷ উৎকট গৰমে দহিব ৰাজ্য৷ ৰাজ্যত প্ৰচণ্ড ধুমুহা-শিলাবৃষ্টিৰ আশংকা৷ ৰাজ্যত বৃদ্ধি পাব কূটাঘাতমূলক কাৰ্য৷ সংঘটিত হ'ব বিস্ফোৰণ, হত্যা, লুণ্ঠন ইত্যাদি৷

দেশৰ গুৰুত্বপূৰ্ণ স্থানত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আশংকা প্ৰকাশ পাইছে বৰ্ষফল গণনাত৷ সোমবাৰে বৰপেটা সত্ৰৰ দৈৱজ্ঞ জ্যোতিষাৰ্ণৱৰত্ন, বিদ্যাভূষণ ত্ৰিদিৱ শৰ্মা দেৱে সম্পন্ন কৰে বৰ্ষফল গণনা৷ বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি পহিলা ব'হাগৰ দিনা প্ৰতি বছৰে সম্পন্ন কৰা হয় বৰ্ষফল গণনা৷ৰাজ্যৰ ৰাজনৈতিক, সামাজিক প্ৰেক্ষাপটত বিশেষ গুৰুত্ব আছে বৰপেটা সত্ৰৰ বৰ্ষফল গণনাৰ৷ পূৰ্বতে বৰপেটা সত্ৰৰ বৰ্ষফল গণনাৰ বহু ভৱিষ্যদ্বাণী ফলিওৱাৰ উদাহৰণ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in