বানপানীত কক বকাইছে ৰাজ্যঃ নলবাৰীত ভগ্ন মথাউৰি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ…

বানপানীত কক বকাইছে ৰাজ্যঃ নলবাৰীত ভগ্ন মথাউৰি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ…

ডিজিটেল সংবাদ,নলবাৰীঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ লাৰকুছি অঞ্চলত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই নৈপৰীয়া ৰাইজক আতংকিত কৰি ৰখাৰ সময়তে আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰ নদৰ মথাউৰিৰ খহনীয়া পৰিদৰ্শন কৰে ।

খহনীয়া পৰিদৰ্শন কৰি উপস্থিত ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানে দেশত চলি থকা কোৰোনা মহামাৰীৰ সন্ত্ৰাসৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হোৱা বাবে নদীসমূহৰ মথাউৰি সময়মতে মেৰামতি কৰিব পৰা নগ'ল । জলসম্পদ বিভাগৰ দ্বাৰা নিবিদা আহ্বান কৰি মথাউৰি মেৰামতি কৰিবলৈ লোৱা সময়তে কোৰোনাৰ আতংকই ছানি ধৰিলে।

আৰু কোৰোনাৰ সন্ত্ৰাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি যেতিয়া মথাউৰি মেৰামতিৰ কাম কৰাৰ সিদ্ধান্ত লোৱা হ'ল সেই সময়ত বতৰৰ আহুকালে বাধা দিলে মথাউৰিৰ কাম কৰাত । ৰাইজে কোৰোনাৰ আতংকৰ লগতে বানপানী , ধুমুহা , আফ্ৰিকান গাহৰি জ্বৰ আদি দুৰ্যোগৰ লগতো সমান্তৰালভাৱে যুঁজ দিবলগা হৈছে। কিন্তু ৰাইজ হতাশ হ'লে নহ'ব, এতিয়া প্ৰাকৃতিক দুৰ্যোগৰ মুখামুখি হৈও মনোবল অটুত ৰাখি কৃষিকাৰ্য কৰিব লাগিব ।

আমি যুঁজত জয়ী হ'বই লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সোনোৱালে কয় যে সাংসদ, বিধায়ক, ৰাইজ তথা পঞ্চায়ত প্ৰতিনিধিৰ সহযোগত অসম চৰকাৰে মথাউৰি মেৰামতিৰ কাম কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়া হৈছে । বৰ্তমান যিকেইটা কাৰিকৰী কৌশলেৰে মথাউৰি নিৰ্মাণ কৰিব পাৰি সেইকেইটা ব্যৱস্থাৰে মথাউৰি নিৰ্মাণ কৰাৰ পদক্ষেপ লোৱা হৈছে । বৰ্তমান ডাঙৰ প্ৰত্যাহ্বান হৈছে খহনীয়া ।

স্থানীয় বিধায়ক নাৰায়ণ ডেকাই লাৰকুছিৰ খহনীয়াৰ ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত লাগি আছে বুলিও তেওঁ কয়। পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত খহনীয়া বিষয়টো সন্নিৱিষ্ট কৰিব লাগে বুলি অসম চৰকাৰে অনুৰোধ জনোৱাৰ বিষয়টোও মুখ্যমন্ত্ৰীয়ে সদৰি কৰে । মথাউৰি নিৰ্মাণৰ কামত দুৰ্নীতিক কোনো কাৰণতে প্ৰশ্ৰয় দিয়া নহ'ব বুলিও মুখ্যমন্ত্ৰীয়ে সকীয়াই দিয়ে।

মুখ্যমন্ত্ৰী সোণোৱালে সাংবাদিকসকলকো ধন্যবাদ জ্ঞাপন কৰে অসম চৰকাৰক তেওঁলোকে আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে । মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণকালত বিধায়কদ্বয় নাৰায়ণ ডেকা , ব অশোক শৰ্মা , জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা , নলবাৰী জিলাৰ উপায়ুক্ত , অাৰক্ষী অধীক্ষকসহ কেবাগৰাকীও উচ্চ পদস্থ বিষয়াই সংগ দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in