মহানগৰীৰ ৰাজপথত হাতত ঝাড়ু লৈ ‘স্বচ্ছতা হি সেৱা’ অভিযানত অংশগ্ৰহণ মুখমন্ত্ৰীৰ

মহানগৰীৰ ৰাজপথত হাতত ঝাড়ু লৈ ‘স্বচ্ছতা হি সেৱা’ অভিযানত অংশগ্ৰহণ মুখমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দেখা গ'ল এক অন্য ৰূপত। হাতত ঝাড়ু লৈ পুৱাই মহানগৰীৰ ৰাজপথত ওলাই আহিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। অৱশ্যে ৰাজপথত কোনো প্ৰকল্পৰ আধাৰশিলা স্থাপন নহয়, হাতত ঝাড়ু লৈ ৰাজপথ চাফা কৰিলে মুখ্যমন্ত্ৰীজনে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে দেশজুৰি আৰম্ভ কৰা 'স্বচ্ছতা হি সেৱা' অভিযানৰ অংশ স্বৰূপে এনেদৰে দেখিবলৈ পোৱা গ'ল মুখ্যমন্ত্ৰীজনক। দেশৰ অন্যান্য প্ৰান্তৰ দৰে গুৱাহাটী মহানগৰীৰ বেলতলা তিনিআলিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুৱা আৰম্ভ কৰে এই অভিযান।

অভিযান আৰম্ভ কৰিয়ে হাতত ঝাড়ু লৈ ৰাজপথ চাফা কৰে সৰ্বানন্দ সোনোৱালে। তেওঁৰ লগতে এই কাৰ্যত ভাগ লয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, কেন্দ্ৰীয় সম্পাদক অৰুণ সিঙকে ধৰি বিজেপিৰ কেইবাজনো বিষয়ববীয়াই। ২০১৩ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযান ফলপ্ৰসু কৰিবৰ বাবে প্ৰৱৰ্তন কৰিছে 'স্বচ্ছতা হি সেৱা' ব্যৱস্থাৰ।

২ অক্টোবৰত মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে জাতিৰ পিতাক এই অভিযানৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জনাব সমগ্ৰ দেশে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in