গুৱাহাটী কমাৰ্চ কলেজত ডঃ পূৰ্ণানন্দ শইকীয়াৰ লিপ্যন্তৰসহ ইংৰাজীলৈ অনূদিত নামঘোষাৰ দ্বিতীয় সংস্কৰণ উন্মোচন মুখ্যমন্ত্ৰীৰ

গুৱাহাটী কমাৰ্চ কলেজত ডঃ পূৰ্ণানন্দ শইকীয়াৰ লিপ্যন্তৰসহ ইংৰাজীলৈ অনূদিত নামঘোষাৰ দ্বিতীয় সংস্কৰণ উন্মোচন মুখ্যমন্ত্ৰীৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ বৃহস্পতিবাৰে গুৱাহাটী কমাৰ্চ কলেজত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰে মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা বিৰচিত, ডঃ পূৰ্ণানন্দ শইকীয়াৰ দ্বাৰা লিপ্যন্তৰসহ ইংৰাজীলৈ অনূদিত নামঘোষাৰ দ্বিতীয় সংস্কৰণ। মহাবিদ্যালয়খনৰ ডঃ ভগৱান চন্দ্ৰ লহকৰ প্ৰেক্ষাগৃহত গুৱাহাটী কমাৰ্চ কলেজৰ গৱেষনা আৰু প্ৰকাশন কোষে প্ৰকাশ কৰা গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, মহাবিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া ডঃ ভাস্কৰ জ্যোতি বৰা, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দিপেশ ডেকা, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ভবেশ গোস্বামী, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা, লক্ষ্মী কান্ত মহন্তৰ লগতে বহু গণ্য মান্য ব্যক্তি।

বিয়লি ভাগত মহাবিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত উপস্থিত থাকি আটাইকেইজন অতিথিয়ে সাৰুৱা বক্তব্য আগবঢ়াই। মহাপুৰুষ মাধৱদেৱৰ সৃষ্টিৰাজিৰ প্ৰশংসা কৰি মহাপুৰষ জনাৰ কৰ্মৰাজি দেশ-বিদেশৰ জনসাধাৰণৰ ওচৰলৈ লৈ যাবৰ বাবে সাহিত্যইহে আটাইতকৈ গুৰুত্বপূৰ্ণ পথ বুলি উল্লেখ কৰে উপস্থিত সকলো লোকে। গুৱাহাটী কমাৰ্চ কলেজৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰদ্বাৰা ৰচিত "নামঘোষা" অসমৰ আধ্যাত্মিক, সাংস্কৃতিক জীৱনৰ এক অবিচ্ছেদ্য অংগ। ডঃ পূৰ্ণানন্দ শইকীয়াৰ মহৎ প্ৰচেষ্টা সকলোৱে শলাগ লবই লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে লগতে কয় যে, অসমৰ মহান মনিষিসকলৰ কথা দেশ- বিদেশত প্ৰচাৰ কৰিবলৈ হ'লে সাহিত্যই বিশেষ ভূমিকা লয় আৰু এইক্ষেত্ৰত ডঃ শইকীয়াই অৱদান আগবঢ়াই গৈছে।

বৃহস্পতিবাৰৰ অনুষ্ঠানটোত উপস্থিত থাকি ডঃ পূৰ্ণানন্দ শইকীয়াক সুৱৰি মুখ্যমন্ত্ৰীজনে লগতে কয়- বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে "নামঘোষা"ৰ ইংৰাজী অনুবাদ পঢ়ি শ্ৰী শ্ৰী মাধৱদেৱৰ অতুলনীয় সৃষ্টিৰাজিৰ বিষয়ে জানিব পাৰিব। যি কাম ডঃ শইকীয়াই কৰি গৈছে সেয়া অতি গুৰুত্বপূৰ্ণ কাম। যাৰ বাবে অসমৰ আধ্যাত্মিক তথা সাংস্কৃতিক জগতৰ সৈতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ সম্পৰ্ক স্থাপন হ'ব।

ডঃ পূৰ্ণানন্দ শইকীয়া আছিল ইংৰাজী তথা অসমীয়া সাহিত্যৰ বিশিষ্ট পণ্ডিত, লেখক, গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ, ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক। ১৯৩২ চনত ডিগবৈত জন্মগ্ৰহণ কৰিছিল তেখেতে। এসময়ৰ মেধাবি ছাত্ৰ শইকীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১৯৫২ চনত ১৬তম স্থান, ১৯৫৪ চনত আই এ পৰীক্ষাত পঞ্চম স্থান লাভ কৰাৰ লগতে ১৯৫৬ চনত বি এত ডিষ্টিংছনসহ দ্বিতীয় স্থান লাভ কৰিছিল।

১৯৬৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা দ্বিতীয় শ্ৰেণীৰ তৃতীয় স্থানসহ এম এ পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে ১৯৬৮ চনত গুৱাহাটী কমাৰ্চ কলেজত অধ্যাপনা কৰিবলৈ লৈছিল। ১৯৭৭ চনত পি এইছ ডি লাভ কৰা শইকীয়াই ১৯৮৪ চনৰ পৰা ৮৫ চনলৈ দুবছৰ গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষৰ আসন শুৱনি কৰি ১৯৯৫ চনত ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে।

হিতেশ্বৰ বৰবৰুৱাৰ কবি মানস, মাধৱদেৱৰ ভক্তি সাহিত্য, পৰমাৰ্থ তত্ব বিচাৰ, কৃষ্ণকথা আদি
তেখেতৰ পবন্ধ সংকলন আছিল। বিমোচন, মূলাগাভৰু, মানৱ আৰু চয়তান, প্ৰেম আৰু প্ৰেমৰ বাবে , শ্যেকছপীয়েৰৰ চেমছন ডিলাইলা, ক্লিওপেট্ৰা আৰু এন্টনী আদি অনাতাৰ নাট ৰচনা তথা প্ৰচাৰ কৰাৰ উপৰিও নামঘোষা আৰু কীৰ্ত্তনঘোষাৰ অসমীয়া অনুবাদ তথা লিপ্যন্তৰকৰণ তেখেতৰ সাহিত্যিক জীৱনৰ অনন্য কৃতিত্ব। ২০০১ চনৰ ২৭ নৱেম্বৰত দেহাৱসান ঘটিছিল ডঃ পূৰ্ণানন্দ শইকীয়াৰ।

সভাত প্ৰদান কৰা ভাষণত গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ ডঃ সোমেস্বৰ কলিতাই মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰক পূৰ্ণানন্দ শইকীয়াক শংকৰদেৱ বঁটা প্ৰদান কৰাৰ বাবে আহ্বান জনাই। উল্লেখ্য যে, সভাখনৰ অতিথিসকলক জাপি, গামোচা, চেলেং ইত্যাদিৰে সন্মান জনোৱা হয়। বৃহস্পতিবাৰে উন্মোচন কৰা কিতাপখনৰ মূল্য ৮০০ টকা। কিতাপখন সকলো লোকৰ বাবে উপলব্ধ হোৱাকৈ বৃহস্পতিবাৰে মাত্ৰ ৬০০ টকাতে দিয়া হয়।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু উপস্থিত লোকসকলে ডঃ পূৰ্ণানন্দ শইকীয়াৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলী অৰ্পণ কৰে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকাই প্ৰদান কৰা অতি চমু ভাষণত চৰকাৰে যিমান সোনকালে পাৰে অসমৰ প্ৰথমখন বাণিজ্য মহাবিদ্যালয় গুৱাহাটী কমাৰ্চ কলেজক অটোনমাছ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে আহ্বান জনায়।

উল্লেখ্য যে, ডঃ পূৰ্ণানন্দ শইকীয়াই সাহিত্য ক্ষেত্ৰত দেখুৱাই গৈছে নিজৰ অগাধ দখল। বৃহস্পতিবাৰৰ অনুষ্ঠানটোত গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ ডঃ সোমেস্বৰ কলিতাই উদ্বেগেৰে কয় যে, শইকীয়াই আগবঢ়োৱা অৱদানৰ তুলনাত সংবাদমাধ্যমে হওক বা ৰাজ্যৰ বিদ্বান মহলে হওক কোনোৱে নিদিলে বিশেষ গুৰুত্ব। অনুষ্ঠানৰ মাজতে ভোৰতাল নৃত্যও কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in