ইস্তাহাৰ মুকলি কৰি মুখ্যমন্ত্ৰীয়ে ক’লেঃ দুৰ্নীতি প্ৰবেশ কৰিব নিদিওঁ পঞ্চায়তত

ইস্তাহাৰ মুকলি কৰি মুখ্যমন্ত্ৰীয়ে ক’লেঃ দুৰ্নীতি প্ৰবেশ কৰিব নিদিওঁ পঞ্চায়তত
  • বিজেপিয়ে প্ৰকাশ কৰিলে পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ।
  • অসম ৰাজ্যিক বিজেপি কাৰ্যালয়ত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ উপলক্ষে অনুষ্ঠিত কৰিলে অনুষ্ঠান।
  • এই ইস্তাহাৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
  • ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে অনুষ্ঠানত।
  • অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী সোণোৱালৰ ঘোষণা-
  • দুৰ্নীতি মুক্ত অসম নিৰ্মাণ কৰাৰ লক্ষ্যৰে আগবাঢ়িছে চৰকাৰ।
  • প্ৰতিখন গাঁৱত বসবাস কৰা পৰিয়ালক আৰ্থিকভাৱে সবল কৰিবলৈ চেষ্টা চলাইছে চৰকাৰে।
  • উন্নয়নৰ স্বাৰ্থত সকলোকে সহযোগিতা আগবঢ়োৱাৰ আহ্বান।
  • মিত্ৰজোটৰ দলসমূহকো নিৰ্বাচনত জনসাধাৰণে সহযোগ আগবঢ়াব বুলি আশা মুখ্যমন্ত্ৰীৰ।
  • পঞ্চায়ত ৰাজ ব্যৱস্থাত দুৰ্নীতি প্ৰৱেশ কৰিব নিদিয়াটোৱে প্ৰধান লক্ষ্য বিজেপিৰ।
  • যোৱা আঢ়ৈ বছৰত অসমৰ বিভিন্ন ক্ষেত্ৰত যুৱক-যুৱতীসকল উজ্বলি উঠিছে।
  • শক্তিশালী বাতাবৰণ পাইছে অসমৰ যুৱক-যুৱতীয়ে।
  • পূৰ্বতে কংগ্ৰেছে জনসাধাৰণৰ প্ৰাপ্য অধিকাৰ কাঢ়ি লৈছিল।
  • আগন্তুক দিনত যিকোনো কষ্ট আৰু ত্যাগৰ বিনিময়ত মৰ্যাদা সহকাৰে গাঁৱৰ প্ৰতিটো পৰিয়ালক সবল কৰি তুলিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in