কোভিডৰ সংক্ৰমণ ৰোধৰ বাবে মাইক্ৰ’ কন্টেইনমেন্ট জ’ন সৃষ্টি কৰাত গুৰুত্ব আৰোপ মুখ্যমন্ত্ৰীৰ…

কোভিডৰ সংক্ৰমণ ৰোধৰ বাবে  মাইক্ৰ’ কন্টেইনমেন্ট জ’ন সৃষ্টি কৰাত গুৰুত্ব আৰোপ মুখ্যমন্ত্ৰীৰ…

ডিজিটেল ডেস্ক : কোভিড ১৯ অতিমাৰীৰ শেহতীয়া সংক্ৰমণ ৰোধ কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্যাপক হাৰত কোভিড পৰীক্ষা কৰাৰ উপৰি মাইক্ৰ' কন্টেইনমেন্ট জ'ন সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মঙলবাৰে ভিডিঅ' কনফাৰেণ্সৰ জৰিয়তে জিলা উপায়ুক্ত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু কোভিড ব্যৱস্থানাৰ সৈতে জড়িত সংশ্লিষ্ট বিষয়াসকলৰ সৈতে হোৱা পৰ্যালোচনাত মুখ্যমন্ত্ৰী সোণোৱালে কোভিড ৰোধৰ কৰাৰ বাবে ওপৰোক্ত দুয়োটা পদক্ষেপ গ্ৰহন কৰাৰ বাবে উপায়ুক্ত সকলক নিৰ্দেশ দিয়ে ।

উপায়ুক্ত সকলৰ সৈতে হোৱা আলোচনাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে – দেশৰ বিভিন্ন প্ৰান্ত কোভিড-১৯ৰ দ্বিতীয় ঢৌৱে কিছু পৰিমানে বিপৰ্যয়ৰ সৃষ্টি কৰিছে যদিও অসমে এতিয়ালৈকে এই সংক্ৰমনৰ ব্যাপকতা প্ৰত্যক্ষ কৰা নাই । মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে ব্যপক পৰীক্ষা কাৰ্যচলাই পজিটিভ পোৱা ৰোগী সকলক চিকিৎসাৰ ব্যৱস্থা কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

আলোচনাত মুখ্যমন্ত্ৰীয়ে উপাযুক্ত সকলক টীকা উৎসৱৰ সফলতাৰ বাবে জনোৱা আহ্বান আক্ষৰিক অৰ্থত বাস্তবায়িত কৰিবলৈও নিৰ্দেশ দিয়ে । এই ক্ষেত্ৰত যোগ্য সকলো হিতাধিকাৰীকে সামৰি লোৱাৰ পদক্ষেপ ল'বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in