বটদ্ৰৱাত আঙুৰলতাৰ হৈ সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ সভা…

বটদ্ৰৱাত আঙুৰলতাৰ হৈ সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ সভা…

ডিজিটেল সংবাদ, বটদ্ৰৱা : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে বটদ্ৰৱা আৰু ধিং সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী আঙুৰলতা ডেকা আৰু সঞ্জীব বৰাৰ হৈ ধিঙত অনুষ্ঠিত এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কয় যে- কংগ্ৰেছ ইতিমধ্যে ধৰাশায়ী হৈছে। বৰাক- ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম, বিভিন্ন জাতি-জনগোষ্ঠীয়ে গঢ় দিয়া এইখন বৃহত্তৰ অসমৰ আটাইতকৈ সন্মানিত তথা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা সমষ্টি।

মুখ্যমন্ত্ৰীয়ে কয় যে, কংগ্ৰেছৰ শাসন কালত ভাষা ধৰ্ম আৰু সম্প্ৰদায়ৰ নামত সংঘাটৰ সৃষ্টি কৰাৰ ফলত বহু নিৰিহ লোকৰ মৃত্যু হৈছিল , দুৰ্নীতি আৰু অপশাসনৰ বাবে অসমৰ ৰাইজ কোঙা হৈ পৰিছিল ৷ কংগ্ৰেছৰ কাৰ্য্যকালত জনসাধাৰণে নিজৰ প্ৰাপ্য অধিকাৰ কিনিবলগীয়া হৈছিল ৷ কিন্ত ২০১৬ চনত বিজেপি দলে চৰকাৰ গঠন কৰাৰ পাছত সেই অৰাজক নি:শেষ কৰি অসমৰ বুকুত শান্তি সমন্বয়, ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰাৰ লগতে দুৰ্নীতি আৰু অনিয়ম নিৰাময়ৰ ব্যৱস্থা কৰাৰ ফলত এতিয়া অসমত নিকা প্ৰশাসনৰ ফল জনসাধাৰণে লাভ কৰিছে ৷

আমাৰ চৰকাৰে বিগত সময়ছোৱাত দুৰ্নীতি মুক্ত, বিদেশীমুক্ত, সন্ত্ৰাসবাদ মুক্ত,প্ৰদুষণ মুক্ত আৰু বিকশিত অসম গঢ়াৰ লক্ষ্যৰে কাম কৰি আহিছে ৷ যাৰ বাবে অসমৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিক পুনৰ শাসনৰ ক্ষমতালৈ অনাৰ বাবে ইতিমধ্যে সংকল্প লৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

বিজেপি দলৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য ব্ৰজেন কাকতিয়ে আঁত ধৰা সভাত সদ্য কংগ্ৰেছৰ পৰা সোমবাৰে বিজেপিত যোগদান কৰা প্ৰাক্তন মন্ত্ৰী গৌতম বৰাই "বটদ্ৰৱা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী আঙুৰলতাক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বন জনায় সংখ্যালঘু ৰাইজক কয় যে বিজেপিক লৈ ভয় আৰু শংকাত থাকিব লগীয়া কাৰণ নাই। কাৰণ বিজেপিয়ে সংখ্যালঘু ৰাইজক সমভাৱেৰে উন্নয়ণ আৰু বিকাশৰ কামত আগবাঢ়িছে।"

সভাত ভাষণ ৰাখি বিজেপি প্ৰাৰ্থী আঙুৰলতাই কয় যে বটদ্ৰৱাৰ ভূমিত গুৰুজনাৰ স্মৃতি যাউতিযুগীয়া কৰি ৰখাৰ বাবে গ্ৰহন অভিলাষী প্ৰকল্প গ্ৰহন কৰাটো বিধায়িকা মোৰ ডাঙৰ সফলতা। আগন্তুক পাঁচ বছৰত সমষ্টিটোৰ নিবনুৱা সকলক সংস্থাপনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিম। বিধায়িকা গৰাকীয়ে কয় কাম কৰাৰ মোৰ মানসিকতা আছে আৰু ভালকে কৰিম বুলি বিশ্বাস আছে।

সভাত ভাষণ ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় "কংগ্ৰেছ ইতিমধ্যে ধৰাশায়ী হৈছে। আত্মনিৰ্ভৰশীল অসম গঢ়াৰ বাবে সকলোৱে বিজেপিক ভোট দিবই লাগিব। আমাৰ চৰকাৰৰ দিনত হিতাধিকাৰী নিৰ্বাচনত মধ্যভোগীৰ পৰম্পৰা নাইকিয়া হ'ল। ভাৰতীয় জনতা পাৰ্টীয়ে অন্ধকাৰত থকা সমাজখনক পুনৰ নিৰ্মাণ কৰাৰ সংকল্প লৈছে। মুখ্যমন্ত্ৰীয়ে কয় বিজেপিৰ দিনত সংখ্যালঘু লোক সকল কোনো আঁচনিৰ পৰা বঞ্চিত হিৱা নাই।

দুৰ্ণীতি পৰায়ণ বিষয়াক শাস্তি প্ৰদান আমাৰ চৰকাৰে কৰিছো। ৰাইজে সকলো আচনিৰ সুফল পাইছে। আমাৰ কাৰ্য্যকালত হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই। নিৰ্বাচনত কংগ্ৰেছে ভূল ব্যাখ্যাৰে প্ৰলোভিত কৰাৰ চেষ্টা কৰিব। সংখ্যালঘুৰ বাবে বেচি কৈ কাম কৰা চৰকাৰ খন বিজেপি। অসমৰ সত্তৰ লাখ পৰিয়ালৰ সৰ্বাঙ্গীন বিকাশৰ বাবে কাম আমাৰ চৰকাৰে কৰিছে। এনে এখন আঁচনি নাই, যিখন ধৰ্মীয় সংখ্যালঘুৰ অঞ্চলত ৰূপায়ন হোৱা নাই।

আগন্তুক দিনত আঙুৰলতাই সংস্থাপনৰ ক্ষেত্ৰত আগবঢ়োৱা প্ৰতিশ্ৰুতি আমি পালন কৰিম। মহাপুৰুষ শঙ্কৰদেৱে আজানপীৰে মাধৱদেৱে সমাজখন শৃঙ্খলিত ভাৱে ৰখাৰ ক্ষেত্ৰত আগবঢ়োৱা চিন্তাচৰ্চাক আমি গুৰুত্ব দিবই লাগিব। আঙুৰলতাই যোৱা ৫ বছৰত ৰাইজৰ বাবে নিষ্ঠাৰে কাম কৰিছে। বটদ্ৰৱাৰ আঙুৰলতাক আৰু ধিঙৰ সঞ্জীৱ বৰাক পদুমৰ চিনত ভোট দিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

বটদ্ৰৱা সমষ্টিত আঙুৰলতাক একলাখ ভোট দিবলৈ আহ্বান জনায়। আনহাতে মুখ্যমন্ত্ৰীয়ে ভাষনৰ মাজতে গামোচা পিন্ধাই আঙুৰলতাক। বটদ্ৰৱাৰ ৰাইজৰ শ্ৰীচৰণত গভীৰ শ্ৰদ্ধা জনাইছো ।আপোনালোকৰ সুখ দুখ উন্নয়ণত আমি সদায় দায়বদ্ধ থাকিম। সভাত যোৱাা কালি পৰলোকলৈ গমন কৰা বটদ্ৰৱাৰ বিজেপি কৰ্মী দৈমাৰীৰ শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনায়। সভাৰ শেষত সাংবাদিকৰ আগত আঙুৰলতা ডেকাই কংগ্ৰেছক গেছ দিয়া কলৰ লগত তুলনা কৰি। এইবাৰ কংগ্ৰেছ অপশক্তি বিনাশ হব বুলি মন্তব্য প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in