মুখ্যমন্ত্ৰী কুমাৰস্বামীৰ হাতত পদত্যাগৰ বাহিৰে অইন গত্যন্তৰ নাইঃ বিজেপি নেত্ৰী

মুখ্যমন্ত্ৰী কুমাৰস্বামীৰ হাতত পদত্যাগৰ বাহিৰে অইন গত্যন্তৰ নাইঃ বিজেপি নেত্ৰী
  • কৰ্ণাটকৰ নিৰ্দলীয় বিধায়ক নাগেশৰ মন্ত্ৰী পদৰ পৰা পদত্যাগ।
  • সোমবাৰে ৰাজ্যপাল বাজুভাই বালাৰ হাতত অৰ্পন কৰে পদত্যাগ পত্ৰ।
  • 'মই কেতিয়াবাই কুমাৰস্বামী নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ পৰা সমৰ্থন উঠাই লৈছো।'
  • 'মই মোৰ সমৰ্থন বিজেপলৈ আগবঢ়াব বিচাৰো।'
  • 'যদি বিজেপিয়ে মোক বিচাৰে তেন্তে বিজেপি চৰকাৰৰ প্ৰতি মোৰ সমৰ্থন থাকিব।'
  • পদত্যাগ পত্ৰত এইদৰে উল্লেখ কৰে নিৰ্দলীয় বিধায়কগৰাকীয়ে।
  • ইফালে নিৰ্দলীয় বিধায়কগৰাকীক বিজেপিলৈ স্বাগতম জনাইছে দলটোৰ জ্যেষ্ঠ নেত্ৰী শোভা কাৰাণ্ডলাজেয়ে।
  • 'আমি নিৰ্দলীয় বিধায়ক নাগেশক স্বাগতম জনাইছো।'
  • 'আমাৰ দলৰ দুৱাৰ তেওঁৰ বাবে খোলা আছে।'
  • 'এতিয়া মুখ্যমন্ত্ৰী এইছ ডি কুমাৰস্বামীয়ে পদত্যাগ কৰিবই লাগিব।'
  • 'কিয়নো তেওঁ এতিয়া বহুমত হেৰুৱাই পেলাইছে।'
  • 'চৰকাৰ গঠন কৰিব পৰাকৈ তেওঁৰ ওচৰত নাই পৰ্যাপ্ত বিধায়ক।'
  • 'কংগ্ৰেছ বিধায়কসলে ইতিমধ্যেই পদত্যাগ কৰিছে।'
  • 'তেওঁৰ ওচৰত পদত্যাগৰ বাহিৰে অন্য উপায় নাই।'
  • বিজেপি নেতা বি এছ য়েদেৰুপ্পাক সাক্ষাতৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত এইদৰে মন্তব্য কৰে শোভা কাৰাণ্ডলাজেয়ে।
  • আনহাতে কংগ্ৰেছ-জেডিএছৰ কোনো পদত্যাগী বিধায়কৰ সৈতে বিজেপিৰ সম্পৰ্ক নাই বুলিও স্পষ্ট কৰে নেত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in