আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰীয়ে…

আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰীয়ে…

ডিজিটেল সংবাদ, মাজুলীঃ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ৯৯ নং বিধানসভা সযষ্ঠি মাজুলীৰ পৰা দ্বিতীয় বাৰৰ প্ৰতিনিধিত্ব কৰিবৰ বাবে বিজেপিয়ে টিকত প্ৰদান কৰা সৰ্বানন্দ সোনোৱাল সোমবাৰে সন্ধিয়া ৬.৩০ বজাত মাজুলীত উপস্থিত হয়। আজি নিজা সমষ্টি মাজুলীত আহি উপস্থিত হোৱাত বিপুল আদৰনি জনায় সোনোৱাল।

মাজুলী জেংৰাইমুখ, ফুলনি চাৰিআলী, ৰঙাচাহী, পকাজৰা, আৰু গড়মূৰ ত দলীয় সমৰ্থক সকলে সোনোৱালক গামোচা পিন্ধা ই ফটকা ফুটাই, জিন্দাবাদ ধ্বনি দি আদৰনি জনায়।

ইফালে আজি মনোনয়ন পত্ৰ দাখিল কৰিব সৰ্বানন্দ সোনোৱালে। প্ৰায় ২০ হাজাৰ সমৰ্থকক লৈ বিশাল শোভাযাত্ৰা কৰি মনোনয়ন দাখিল কৰিব সোনোৱালে। নেতা কৰ্মী সকলৰ মাজত ব্যাপক উছাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in