মুখ্যমন্ত্ৰীৰ বিশেষ উদ্যোগত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানে পাব ন-ৰূপ

মুখ্যমন্ত্ৰীৰ বিশেষ উদ্যোগত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানে পাব ন-ৰূপ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মভূমি শ্ৰীশ্ৰী বটদ্ৰৱা থানখনক ধৰ্মীয় আৰু সাংস্কৃতিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ক্ষেত্ৰত লৈছে বিশেষ পদক্ষেপ৷

গুৰুজয়ন্তীৰ পিছতেই বিষয়টোৰ ক্ষেত্ৰত খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েই বটদ্ৰৱা থানৰ উন্নয়নৰ প্ৰসংগটোত বিশেষ তৎপৰ হোৱা পৰিলক্ষিত হৈছে৷ বটদ্ৰৱাত গুৰুজনাৰ স্মৃতি বিজড়িত ঐতিহাসিক সম্পদসমূহ বৈজ্ঞানিকভাৱে সংৰক্ষণৰ লগতে থানখনৰ উপৰিও থান এলেকাৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়নকল্পে চৰকাৰীভাৱে ল'বলগীয়া বিভিন্ন কাম-কাজৰ অগ্ৰগতি সম্পৰ্কত ৰাজ্যৰ বিভাগীয় মন্ত্ৰী, বিষয়া তথা থান পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে বুধবাৰে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে৷

উক্ত সভাত বটদ্ৰৱা থানৰ ঐতিহাসিক সম্পদসমূহৰ সংৰক্ষণৰ লগতে আন্তঃগাঠনি উন্নয়ন সন্দৰ্ভত বিস্তৃত আৰু পূৰ্ণাংগ ডি পি আৰ শীঘ্ৰে প্ৰস্তুত কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভাগীয় বিষয়াক নিৰ্দেশ প্ৰদান কৰে৷

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষজনাৰ জন্মস্থানখনিক সৰ্বাংগসুন্দৰ ৰূপ দি ধৰ্মীয় আৰু সাংস্কৃতিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজাববীয়াকৈ লোৱা এনে উদ্যোগৰ শলাগ লৈছে বটদ্ৰৱা শ্ৰীশ্ৰী শ'লগুৰি সত্ৰ আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰদ্বয়ে৷

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংবাদদাতাৰ আগত এই সন্দৰ্ভত নিজৰ মন্তব্য ব্যক্ত কৰি সত্ৰাধিকাৰদ্বয় ক্ৰমে পৰমানন্দ দেৱ মহন্ত আৰু দেৱানন্দ দেৱ গোস্বামীয়ে কয় যে- 'চৰকাৰৰ মূৰব্বী মুখ্যমন্ত্ৰীগৰাকীয়ে দ্বিতীয় বৈকুণ্ঠখনিৰ সৰ্বাংগীণ উন্নয়নৰ অৰ্থে আন্তৰিকতাৰে প্ৰচেষ্টা চলোৱাটো অতি শুভ লক্ষণ৷ তেওঁ এজন অতি ভক্তিপৰায়ণ লোক৷ এনেদৰে তেওঁ নিজে যদি প্ৰকল্পসমূহৰ সফল ৰূপায়ণত কিছু মনোনিবেশ কৰে তেন্তে ৰাইজে সুফল সোনকালেই প্ৰত্যক্ষ কৰিব বুলি আশা কৰিব পাৰি৷' তেওঁলোকে কয় 'মুখ্যমন্ত্ৰীৰ বিশেষ উদ্যোগত গুৰুজনাৰ পূণ্য জন্মস্থান বটদ্ৰৱা থানখন ন-ৰূপত উজ্বলি উঠিব বুলি আমি আশাবাদী৷ গুৰুজনাই তেখেতক কৃপা কৰক৷'

সত্ৰাধিকাৰদ্বয়ৰ লগতে বৃহত্তৰ বটদ্ৰৱাবাসী ৰাইজে অসম চৰকাৰে বটদ্ৰৱাক ধৰ্মীয় আৰু সাংস্কৃতিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ লোৱা পদক্ষেপৰ শলাগ লোৱাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশ প্ৰকৃতাৰ্থত কাৰ্যকৰী কৰাৰ দিশত চৰকাৰী বিষয়াসকলে কেনে ভূমিকা পালন কৰে সেয়া সময়েহে কব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰাও পৰিলক্ষিত হৈছে৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্যোগত অনুষ্ঠিত বিশেষ সভাখনত মন্ত্ৰীদ্বয় কেশৱ মহন্ত, নৱ কুমাৰ দলে, বিধায়ক ক্ৰমে আঙুৰলতা ডেকা, ৰূপক শৰ্মা, ডিম্বেশ্বৰ দাস, নগাঁও জিলা উপায়ুক্ত বিশ্বজিৎ পেগুসহ কেইবাজনো শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত আছিল৷ এই অভিলাষী প্ৰকল্পৰ কাম শীঘ্ৰে আৰম্ভ হ'ব বুলি বৃহত্তৰ বটদ্ৰৱাবাসী ৰাইজে অতি আগ্ৰহেৰে বাট চাই ৰৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in