গৰম! এজাক যেন বৰষুণ আহো আহো কৰে…

গৰম! এজাক যেন বৰষুণ আহো আহো কৰে…

ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ অদ্ভূত মহিমা! দক্ষিণ ভাৰতৰ কেৰালা, তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, গুজৰাট আদিকে ধৰি কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৃষ্টিয়ে প্লাৱন নমাইছে। আনফালে অসমৰ গুৱাহাটী মহানগৰীকে ধৰি অন্যান্য প্ৰান্তত সৰ্বোচ্ছ ৪০ ডিগ্ৰী তাপমানে দহিছে সকলোকে।

এদিন এই প্ৰতিশ্ৰুতিৰেই শাসনলৈ আহিছিল বিজেপি

এই প্ৰচণ্ড গৰমত সকলো শান্তি হেৰুৱাই পেলাইছে সাধাৰণ নাগৰিকসকলে। তাতে অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ কৃপাত দিনটোৰ মাত্ৰ ২-৩ ঘন্টাহে ঘূৰিবলৈ পায় চিলিঙৰ ফেনখন। তাৰ পিছত পুনৰ লুকা ভাকু চলে বিদ্যুতৰ।

বান আহিছিল অসমতো। বানে সংহাৰী ৰূপ ধাৰণ কৰি ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতেই বিভিষীকা নমাই আনিছিল। বানৰ ফলত গৃহহাৰা হৈ পৰিল বহু লোক। পানীয়ে নষ্ট কৰিলে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি। প্ৰাণো হৰিলে বহুতৰ। কিন্তু এতিয়া বানৰ সংহাৰ নাই। বান যোৱাৰ পিছতে আকাশত বেলিৰ ৰুদ্ৰমূৰ্তি। পেৰামিটাৰত প্ৰতিদিন তাপমান ৩৪ৰ পৰা ৪০ ডিগ্ৰী চেলছিয়াছলৈকে চলিছে।

গৰমত খাব, শুব নোৱাৰা অৱস্থা। তাৰ মাজতে বিদ্যুতৰ লুকাভাকুৱে পূৰ্ণদ্যমে জ্বলাকলা খুৱাইছে ৰাজ্যবাসীক। ২৪ ঘন্টাই বিদ্যুত যোগানৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদীলৈ অহা সোণোৱাল চৰকাৰে ২৪ ঘন্টা নালাগে, দিনটোত ৫ বা ৬ ঘন্টাও বিদ্যুৎ যোগান ধৰাত অসমৰ্থ। এনে গৰমত ডাব নাৰিকলৰ পানী অথবা ফ্ৰীজত ভৰাই থোৱা শীতল পানীয়ইও জুৰ পেলাব নোৱাৰে শৰীৰ।

উৎকট গৰম আৰু আকাশত বেলিৰ ৰুদ্ৰমূৰ্তি! ফটো- ইন্টাৰনেট

কি গৃহিনী, কি শিক্ষাৰ্থী অথবা চাকৰীয়াল-কৰ্মী। সকলোৰে বাবে এক সমস্যা হৈ পৰিছে এইবাৰৰ গৰম। পূৰ্বেও গ্ৰীষ্মকাল আহিছিল। কিন্তু সকলোৰে মতে এইবাৰৰ দৰে গৰম কোনোকালে পৰা নাছিল।

বিগত কেইদিনৰ এই প্ৰচণ্ড গৰমৰ পিছত মঙলবাৰে অৱশ্যে কিছু শান্তি যেন নামি আহিল ৰাজ্যবাসীৰ বুকুলৈ। ৩২ ডিগ্ৰী চেলছিয়াছ তাপমানেৰে আৰম্ভ হোৱা দিনটোৰ আবেলি ৩ বজালৈ এই তাপমান ২৮ ডিগ্ৰী চেলছিয়াছলৈ নামিল।

অলপ সকাহ…

মহানগৰীৰ আকাশত দেখা গ'ল আংশিক ডাৱৰৰ প্ৰলেপ। ৰাজ্যৰ ঠায়ে ঠায়ে দুই এটোপাল বৰষুণো পেলালে। মহানগৰীতো এজাক বৰষুণৰ অপেক্ষাত ৰৈছে মহানগৰবাসী।

এনে গৰম কাহানিও পৰা নাছিল!

আকাশৰ ক'লা ডাৱৰ আৰু এজাক শীতল বতাহে মঙলবাৰে আবেলিটোত জুৰ পেলাই গ'ল মহানগৰবাসীক। মঙলবাৰে আবেলি ৩ বজাত হিউমিডিটি ৮৩ শতাংশ, বতাহৰ গতিবেগ প্ৰতিঘন্টাত ১১ কিলোমিটাৰ, ভিজিবিলিটী ২ কিলোমিটাৰ। ৰাতিলৈ কিছু বৰষুণ দিয়াৰ সম্ভাৱনা আছে। যদি দিয়ে, বিদ্যুতৰ লুকাভাকুৰ মাজতো হয়তো শান্তিৰ এঘুমটি মাৰিব পাৰিব ৰাজ্যবাসীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in