নাগালেণ্ডৰ নকলাকত দুই গাঁওবাসীৰ মাজত সংঘৰ্ষত নিহত এজন , ২০ টা ঘৰ ভস্মীভূত…

নাগালেণ্ডৰ নকলাকত দুই গাঁওবাসীৰ মাজত সংঘৰ্ষত নিহত এজন , ২০ টা ঘৰ ভস্মীভূত…

ডিজিটেল ডেস্ক, ৱাখা : নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৰ নকলাক জিলাত প্ৰতিবেশী গাঁওৰ দুৰ্বৃত্তৰ আক্ৰমণত থুংগটুচ গাঁৱৰ এজন লোক নিহত হোৱাৰ লগতে অগ্নি সংযোগৰ ফলত ২০ ঘৰ ভস্মীভূত হয় । প্ৰাপ্ত খবৰৰ মতে বুধবাৰে পুৱা ৪: ৩০ বজাত থুংটুচ গাঁৱত অন্য এখন গাঁৱৰ কিছু বন্দুক ধাৰী দুৰ্বৃত্তই প্ৰবেশ কৰি গুলীবৰ্ষণ কৰাত এজন ব্যক্তি থিতাতে নিহত হোৱা লগতে আন এজন গুৰুত্বভাৱে আহত হয় । বন্দুকধাৰীয়ে হৰ্ঠাতে চলোৱা এই আক্ৰমণত গাঁওবাসীয়ে ঘৰ পলায়ন কৰিবলৈ বাধ্য হয় । দুৰ্বৃত্তই গাঁৱখনৰ মৰং ঘৰৰ লগতে ২০ টা ঘৰত অগ্নি সংযোগ কৰি ভস্মীভূত কৰে ।

এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে নগা আৰক্ষী আৰু আছাম ৰাইফলছৰ দল গাঁৱখনত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । আৰক্ষীয়ে ঘটনাস্থলিৰ পৰা ৪ টা বন্দুক আৰু গুলি বাৰুদ জব্দ কৰে । দুখন গাঁৱৰ মাজত সংঘটিত হোৱা এই ঘটনাৰ পাছত আজি ততাতৈয়াকৈ নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান টি জন লংকুমাৰে এই উচ্চ পৰ্যায়ৰ দল লৈ টুৱেনচাঙ উপস্থিত হয় । আৰক্ষী সঞ্চালক প্ৰধান টি জন লংকুমাৰে ইতিমধ্যে এছ আই টি অৰ্থাৎ বিশেষ অনুসন্ধান দল গঠন কৰি ক্ষীপ্ৰ তদন্তৰ নিৰ্দেশ দিয়ে ।

আৰক্ষীয়ে ইতিমধ্যে আই পি চি ২৫/(১বি) অধীনত ৩০২/ ৩০৭/১২০(বি) ৪৩৫ ধাৰাত গোচৰ ৰুজু কৰি দোষী বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে । লগতে গাঁৱ দুখনৰ মাজত শান্তি – শৃংখলা অটুট ৰাখিব বাবে সেনা মোতায়েন কৰিছে । উল্লেখযোগ্য যে নকলাক জিলাৰ এই থংটুছ গাঁৱৰ ১৯৬০ চনৰ পিছত দ্বিতীয় বাৰৰ বাবে প্ৰায় ৬০ বছৰৰ পিছত আৰক্ষী প্ৰবেশ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in