‘কা’ বিৰোধী-সমৰ্থকৰ সংঘৰ্ষ, গুৰুতৰভাৱে আহত ১৫জন… চাওঁক VIDEO

‘কা’ বিৰোধী-সমৰ্থকৰ সংঘৰ্ষ, গুৰুতৰভাৱে আহত ১৫জন… চাওঁক VIDEO

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশজুৰি নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ লগতে একাংশই 'কা' আৰু এনআৰচিৰ সমৰ্থনত বাহিৰ কৰিছে ৰেলী। তাৰ মাজতে বিহাৰৰ সমষ্টিপুৰত এই আইনৰ সমৰ্থক আৰু বিৰোধীৰ মাজতে সংঘটিত হয় সংঘৰ্ষৰ।

দুয়ো পক্ষৰ সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় ১৫জনকৈ লোক। ইফালে, এই সংঘৰ্ষৰ এটা ভিডিঅ'ও ভাইৰেল হৈ পৰিছে। য'ত দুয়োটা পক্ষৰ মাজত লাঠিচালনা আৰু মাৰপিটৰ ঘটনা সংঘটিত হোৱা দেখা পোৱা গৈছে। উল্লেখ্য যে, উক্ত অঞ্চলটোত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

আনহাতে, পশ্চিমবংগৰ মুৰ্শ্বিদাবাদজিলাত বুধবাৰে কা আৰু এনআৰচিৰ বিৰোধিতাৰে বন্ধৰ আহ্বান দিয়া সময়তে দুটা ফৈদৰ মাজততীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয়। আৰু সংঘৰ্ষত প্ৰাণ হেৰুৱাই দুজনকৈ লোকে। লগতে আহত হয় আনতিনিজন লোক। আৰক্ষীয়ে জনোৱা মতে, আহত কেইজনক মুৰ্শ্বিদাবাদ মেডিকেল কলেজ হাস্পতালতভৰ্তি কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in