পূজাৰ মাজতে মহানগৰীত পিতৃ-মাতৃয়ে হত্যা কৰিলে পুত্ৰক!

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ কিমান নৃশংস হ'ব পাৰে জন্মদাত্ৰী পিতৃ-মাতৃ। আপোনাৰ-মোৰ দৰে কোনো লোকৰ সপোনৰো অগোচৰ এক ঘটনা। ঘটনাৰ স্থান গুৱাহাটী মহানগৰী। নিজ সন্তানক হত্যা কৰাৰ অভিযোগ এহাল পিতৃ-মাতৃৰ বিৰুদ্ধে। দুৰ্গাপূজাৰ আনন্দ-উল্লাসত ৰাজ্যবাসী ব্যস্ত থকাৰ সময়তে মহানগৰীত সংঘটিত হৈছে এই ঘটনাৰ।

দীৰ্ঘদিন ধৰি হৈ থকা পৰিয়াল কেন্দ্ৰিক সংঘাতে ল'লে চূড়ান্ত ৰূপ। অতি নৃশংসভাৱে পিতৃ সুদাংশু পাল আৰু মাতৃ মমতা পালে হত্যা কৰাৰ অভিযোগ ৰাজকুমাৰ পালক। একাংশ লোকৰ অভিযোগ অনুসৰি হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল ৰাজকুমাৰ পালৰ পিতৃ-মাতৃয়ে।

ইফালে একাংশ উত্তেজিত লোকে প্ৰহাৰ কৰে ৰাজকুমাৰৰ পিতৃ-মাতৃক। ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। আৰক্ষীয়ে ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰে দুই আঘাতপ্ৰাপ্ত পিতৃ-মাতৃক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in