এগকাৰী কোভিড আক্ৰান্ত মহিলাই নিদ্ৰা হৰিছে মহানগৰৰ স্বাস্থ্য বিভাগৰ…

এগকাৰী কোভিড আক্ৰান্ত মহিলাই নিদ্ৰা হৰিছে মহানগৰৰ স্বাস্থ্য বিভাগৰ…

ডিজিটেল ডেস্কঃ এগৰাকী কোভিড আক্ৰান্ত মহিলাই নিদ্ৰা হৰণ কৰিছে মহানগৰ স্বাস্থ্য বিভাগৰ। গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা একেৰাহে চাৰিবাৰকৈ পলায়ন কৰিছে মহিলাগৰাকী। মহিলাগৰাকীৰ নাম লখিমী দেৱী। জানিব পৰা মতে মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলা গৰাকীৰ শৰীৰত কিছুদিনৰ পূৰ্বে ধৰা পৰিছিল কোৰোনা ভাইৰাছত উপস্থিতি। আৰু তাৰ পাছতেই মহিলাগৰাকী ভৰ্তি কৰোৱা হয় কালাপাহাৰৰ কোভিড হাস্পতালত।

কিন্তু কোভিড হাস্পতালত ভৰ্তি কৰোৱাৰ পাছতেই লখিমী দেৱীয়ে কালাপাহৰৰ কোভিড হাস্পতালৰ পৰা পলায়ন কৰে। পৰৱৰ্তী পৰ্যায়ত লখিমী দেৱীক আৰক্ষীৰ সহযোগত স্বাস্থ্য বিভাগৰ লোক আটক কৰি পুনৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰায় যদিও তেওঁ পুনৰ হাস্পতালৰ পৰা পলায়ন কৰে। ইয়াৰ পাছত পুনৰ লখিমিক জি এম চি এইছলৈ লৈ অনা হয় যদিও তেওঁ জি এম চিত আত্মহত্যাৰ চেষ্টা চলায়। কিন্তু নিৰাপত্তাৰক্ষীৰ ততপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে মহিলাগৰাকীৰ।

তাৰ পাছেতই পুনৰ পলায়ন কৰে কোভিড আক্ৰান্ত লখিমি। পূৰ্বৰদৰেই আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ লোকে আটক কৰি মহিলাগৰাকীক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰায় যদিও দেওঁবাৰে সকলোৰে চকুত ধূলি দি পলাই আহিবলৈ সক্ষম হয় লখিমী।

দেওবাৰে জি এম চিৰ পৰা পলায়ন কৰা লখিমীক মহানগৰীৰ হায়াত হাস্পতালৰ সন্মুখত ৰৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰি পুনৰ মহানগৰ আৰক্ষীৰ সহযোগত স্বাস্থ্যবিভাগৰ লোকে মহিলাগৰাকীক আটক কৰি জি এম চিৰ কোভিড হাস্পতাললৈ প্ৰেৰণ কৰে। কোভিড আক্ৰান্ত মহিলাগৰাকীয়ে বাৰম্বাৰ এনদৰে কোভিড হাস্পতালৰ পৰা পলায়ন কৰা ঘটনাই এতিয়া আতংকিত কৰি তুলিছে সৰ্বসাধাৰণক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in