মহানগৰীত পূৰ্বৰ পথত নাপাব চিটীবাছ

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • এতিয়াৰে পৰা মহানগৰীত সলনি হ'ল চিটীবাছ চলাচলৰ পথ।
  • পৰিবহণ বিভাগে সলনি কৰিলে চিটীবাছ চলাচলৰ পথ।
  • এতিয়াৰে পৰা পূৰ্বৰ পথেৰে নচলিব চিটিবাছ।
  • বাছ চলাচল কৰিবলগীয়া পথসমূহ হ'ল –

১. খানাপাৰাৰ পৰা দিছপুৰ, ভঙাগড় হৈ জালুকবাৰীলৈ।
২. বশিষ্ঠৰ পৰা গণেশগুৰি, ভৰলুমুখ হৈ জালুকবাৰীলৈ।
৩. নটবমাৰ পৰা হাতীগাঁও, পল্টন বজাৰ হৈ জালুকবাৰীলৈ।
৪. ছাৰ্ছফিল্ডৰ পৰা ফেন্সী বজাৰ, কামাখ্যা গেট হৈ পাণ্ডুলৈ।
৫. কাহিলীপাৰাৰ পৰা গণেশগুৰি, পল্টন বজাৰ হৈ জালুকবাৰীলৈ।
৬. কাছাৰীৰ পৰা পাণবজাৰ, ভৰলুমুখ হৈ কামাখ্যা মন্দিৰলৈ।
৭. ফৰেষ্টগে'টৰ পৰা শিলপুখুৰী, মাছখোৱা হৈ জালুকবাৰীলৈ।
৮. খানাপাৰাৰ পৰা সৰুসজাই, গড়চুক হৈ জালুকবাৰীলৈ।
৯. পল্টন বজাৰ, ভৰলুমুখ, জালুকবাৰী হৈ বিমানবন্দৰলৈ।
১০. পল্টন বজাৰৰ পৰা যোৰাবাট, তেতেলীয়া হৈ জাগীৰোডলৈ।
১১. আইএছবিটিৰ পৰা বশিষ্ঠ চাৰিআলি, লাষ্টগে'ট, চানমাৰি হৈ জালুকবাৰীলৈ।
১২. চন্দ্ৰপুৰৰ পৰা হাতীশিলা, নুনমাটি, গুৱাহাটী ক্লাব, ভূতনাথ হৈ জালুকবাৰীলৈ।
১৩. আইএছবিটিৰ পৰা লখৰা, লালগণেশ, বিৰুবাৰী হৈ পল্টন বজাৰলৈ।
১৪. আইএছবিটিৰ পৰা গড়চুক, ধীৰেণপাৰা, ফটাশিল হৈ কাছাৰীলৈ।
১৫. খানাপাৰাৰ পৰা লখৰা, তেতেলীয়া, জালুকবাৰী হৈ আমিনগাঁৱলৈ।
১৬. লালমাটিৰ পৰা হাতীগাঁও, বৰা ছাৰ্ভিচ, মাছখোৱা, শান্তিপুৰ, আদাবাৰী হৈ জালুকবাৰীলৈ।
১৭. খানাপাৰাৰ পৰা গণেশগুৰি, জু–তিনিআলি, গীতামন্দিৰ হৈ নাৰেংগী, চচল হৈ খানাপাৰালৈ।
১৮. ফৰেষ্ট গে'টৰ পৰা নুনমাটি, চানমাৰি, পাণবজাৰ, আদাবাৰী হৈ আমিনগাঁও ডি চি অফিচলৈ।
১৯. বশিষ্ঠ চাৰিআলিৰ পৰা লখৰা, বৰাগাঁও, জালুকবাৰী হৈ গুৱাহাটী বিশ্ববিদ্যালয়লৈ।
২০. বশিষ্ঠ মন্দিৰৰ পৰা চানমাৰি হৈ কাছাৰীলৈ।
২১. কাছাৰীৰ পৰা আদাবাৰীলৈ।
২২. বশিষ্ঠ মন্দিৰৰ পৰা পল্টন বজাৰ হৈ কাছাৰীলৈ।
২৩. খানাপাৰাৰ পৰা গণেশগুৰি ফ্লাই অভাৰেৰে কাছাৰীলৈ।
২৪. লালগণেশৰ পৰা চানমাৰি হৈ গুৱাহাটী ক্লাবলৈ।
২৫. নটবমাৰ পৰা চানমাৰি হৈ গুৱাহাটী ক্লাবলৈ।
২৬. পাঞ্জাবাৰীৰ পৰা চানমাৰি হৈ কাছাৰীলৈ।
২৭. কাছাৰীৰ পৰা মালিগাঁও হৈ ধাৰাপুৰ চাৰিআলিলৈ।
২৮. কাছাৰীৰ পৰা চানমাৰি হৈ নাৰেংগীলৈ।
২৯. চন্দ্ৰপুৰৰ পৰা নুনমাটি হৈ গুৱাহাটী ক্লাবলৈ।
৩০. সাতগাঁৱৰ পৰা চানমাৰি হৈ গুৱাহাটী ক্লাবলৈ।
৩১. খানাপাৰাৰ পৰা লখৰা হৈ জালুকবাৰীলৈ।
৩২. আইএছবিটিৰ পৰা লখৰা, লালগণেশ হৈ পল্টন বজাৰলৈ।
৩৩. আদাবাৰীৰ পৰা হাজোলৈ।
৩৪. আদাবাৰীৰ পৰা শুৱালকুছিলৈ।
৩৫. খানাপাৰাৰ পৰা ক্ষেত্ৰীলৈ।
৩৬. বৰ্ণিহাটৰ পৰা বশিষ্ঠ, লখৰা হৈ জালুকবাৰীলৈ নতুন পথ।

  • ইফালে মাত্ৰ বাছ চলাচলৰ পথেই নহয়।
  • চিটীবাছসমূহৰ পথৰ নম্বৰ অনুসৰি বাছ ষ্টপেজো বেলেগ বেলেগ হ'ব বুলি ঘোষোণা।
  • জিলা পৰিবহণ বিষয়া তথা আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী বিষয়া বাপন কলিতাই কৰিলে এই ঘোষণা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in