মঙলবাৰৰ পৰা বৃদ্ধি চিটি বাছৰ ভাড়া

ফটোঃ পলাশ
ফটোঃ পলাশ

ডিজিটেল ডেস্কঃ ইন্ধনৰ মূল্যবৃদ্ধিৰ অচিলাৰে সকলো সমগ্ৰীৰে মূল্যবৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। মঙলবাৰৰ পৰা বৃদ্ধি পালে চিটিবাছৰ ভাড়া। এতিয়াৰে পৰা যাত্ৰীসকলে চিটিবাছত যাত্ৰা কৰিলে ভৰিব লাগিব পূৰ্বতকৈ অধিক ভাড়া। আজিৰে পৰা চিটি বাছৰ ন্যূনতম ভাড়া হ'ল ৭ টকা। কোনো এজন যাত্ৰীয়ে ৩ কিঃমিঃ পৰ্যন্ত যাত্ৰা কৰিলে দিব লাগিব ৭ টকা।

ঠিক তেনেদৰে ৩ৰ পৰা ৫ কিঃমিঃ যাত্ৰা কৰিলে যাত্ৰীয়ে দিব লাগিব ৮ টকা। পে'ট্ৰল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ পাছতে এনেদৰে বাছৰ ভাড়া বৃদ্ধি হোৱাৰ বিষয়টোৱে যাত্ৰীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

নতুনকৈ ভাড়া বৃদ্ধি হোৱাৰ ফলত নতুন নিৰীখ এনেধৰণৰ-

৫-৯ কিঃ মিঃ ১২ টকা।

৯-১৩ কিঃমিঃ ১৫ টকা।

১৩-১৭ কিঃমিঃ ১৮ টকা।

১৭-২১ কিঃমিঃ ২১ টকা

২১-২৫ কিঃমিঃ ২৩ টকা।

ইফালে ভৰাবৃদ্ধিৰ বিষয়টোৱে সকলোৰে দৃষ্টি হৰণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in