সৰ্বানন্দ সোণোৱালক কি শিকনি দিলে মেঘালয়,মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে

সৰ্বানন্দ সোণোৱালক কি শিকনি দিলে মেঘালয়,মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে

ডিজিটেল সংবাদ, শ্বিলংঃ যি সময়ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে উঠি-পৰি লাগিছে সেইসময়তে বিধেয়কৰ বিৰুুদ্ধে শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে দিল্লীত এক বৈঠকত মিলিত হয় মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে ছাংমা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা। বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কখন যে দুয়োখন ৰাজ্যত বিৰোধী দলসমূহে তীব্ৰ বিৰোধিতা কৰিছে সেই বিষয়ে মুখ্যমন্ত্ৰীদ্বয়ে ৰাজনাথ সিঙক অৱগত কৰে।

যোৱা ৮ জানুৱাৰীত বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পাছৰেই পৰা মেঘালয়ৰ লগতে চুবুৰীয়া ৰাজ্যসমূহত কনৰাড ছাংমাৰ নেতৃত্বত এন পি পি আৰু এম ডি এ চৰকাৰে যে এই বিধেয়কৰ বিৰুদ্ধে থিয় দিছে সেই বিষয়ে অৱগত কৰিবলৈ শুকুৰবাৰে এটা দলৰ সৈতে উপস্থিত হয় নতুন দিল্লীত আৰু গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাত কৰি জনায় যে  এই বিধেয়কৰ বাতিল কৰা নহ'লে আন্দোলন আৰু তীব্ৰতৰ হ'ব।

এক সূত্ৰৰ খবৰ অনুসৰি, গৃহ মন্ত্ৰী ৰাজনাথ সিঙে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে এক বৈঠকত মিলিত হোৱাৰে আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীদ্বয়ক । য'ত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সন্দৰ্ভত আলোচনা কৰা হ'ব। তদুপৰি, গৃহমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া সকলৰ অধিকাৰ আৰু স্বাৰ্থত কোনো আঘাতহনা নহয় বুলিও মত প্ৰকাশ কৰে।

ইফালে মেঘালয় আৰু মিজোৰামৰ দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে জনায় যে, তেওঁলোকে এই জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰিছে।গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছতে সংবাদমাধ্যমক মেঘালয়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ' তেওঁ এই বিধেয়কখনক সমৰ্থন নকৰে, বিধেয়ক খন বাতিলৰ বাবে উত্তৰ-পূবৰ সকলো মুখ্যমন্ত্ৰী একলগ হ'ব লাগে। লগতে তেঁও কয় ৰাজনৈতিক দলৰ পৰিধিৰ বাহিৰত সকলো এতিয়া একত্ৰিত হোৱাৰ সময়। উত্তৰ পূবৰ বিকাশ আৰু খিলঞ্জীয়া সুৰক্ষাৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে।

আনহাতে, মুখ্যমন্ত্ৰী কোনৰাড ছাংমাৰ আৰু উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টাইছঙৰ লগত এম ডি এৰ সকলো সহযোগীয়ে গৃহমন্ত্ৰীগৰাকীক এই বিধেয়কখনৰ বাতিল কৰিবলৈ আহ্বান জনায়। লগতে কনৰাড ছাংমাই ৰাজনাথ সিঙক এই বিধেয়কখন গৃহীত হ'লে যে, ইউ ডি পি, বি জে পি, এইচ এছ পি ডি পি, পি ডি এফ, এন চি পি আৰু নিৰ্দলীয় আটাইকেইটা দলে  মেঘালয় তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সামাজিক পৰিবেশ-পৰিস্থিতি আৰু অধিক উত্তপ্ত কৰাৰ দিশে আগবাঢ়িব বুলিও জনায়।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- 'নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ'লে  উত্তৰ পূবৰ সামাজিক বৈচিত্ৰতাৰ লগতে স্বাভিমানতো আঘাত হনাৰ লগতে বিধেয়কখনে উত্তৰ-পূবত ৰাজ্যকেইখনত আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি মতপ্ৰকাশ কৰে।
ইফালে, মেঘালয়ৰ পৰ্যটক মন্ত্ৰী মেটবাহ লাইংগডোহে কয়- 'এই বিধেয়কখনে মেঘালয়ৰ খিলঞ্জীয়াৰ লগতে জনজাতীয় লোকখিনিৰ  স্বাভিমানতো আঘাত হানিব। গতিকে এই বিধেয়ক সন্দৰ্ভত কেন্দ্ৰৰ প্ৰতিনিধি সকলে পুনৰ বিচাৰ-বিবেচনা কৰি লাগে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in