নাগৰিকত্ব সংশোধনী বিধেয়কৰ কাউণ্ট ডাউন…

নাগৰিকত্ব সংশোধনী বিধেয়কৰ কাউণ্ট ডাউন…

ডিজিটেল ডেস্কঃ সমগ্ৰ উত্তৰ-পূবৰ লগতে বিৰোধী দল কংগ্ৰেছ আৰু ইউ পি এ তথা এন ডি এ-ৰো দুই-এক অংশীদাৰ শাসকীয় দলৰ বিৰোধিতা সত্তেও খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব বিপন্ন কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত অনুমোদন কৰাবলৈ কঁকালত টঙালি বান্ধি সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। উত্তৰ-পূৰ্বাঞ্চলৰ কেওখন ৰাজ্যত প্ৰতিবাদৰ বহ্নি স্বচক্ষে প্ৰত্যক্ষ কৰি যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী তথা চৰকাৰো যেন এই জাতিধ্বংসী বিধেয়কখন ৰাজ্যসভাত গৃহীত কৰিব পৰাৰ ওপৰতে তেওঁলোকৰ মান-মৰ্যাদা তথা ভৱিষ্যৎ নিৰূপিত হোৱা বুলি গণ্য কৰি লৈছে। সেয়া ইতিমধ্যে স্পষ্ট হৈ উঠিছে।

আচৰ্যজনক কথা এই যে, উত্তৰ-পূবৰ তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে দিল্লীত ৰাজনাথ সিং আলোচনাত বহাৰ কথা আছিল যদিও, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আলোচনাৰ প্ৰাকক্ষণত নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ কৰিবলৈ হ'লে এন পি পি দল এন ডি এৰ পৰা ওলাই যাব বুলি ঘোষণা কৰাৰ পিছতে ক্ষুব্ধ মুখ্যমন্ত্ৰীগৰাকীক একাষৰীয়া কৰি থৈ গৃহমন্ত্ৰী ৰাজনাথ সিং অৰুণাচল আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতহে আলোচনাত বহে। আলোচনাৰ পাছত ওলাই অহা মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ কোনো প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ আঁতৰি যায়।

কিন্তু তেওঁ আঁতৰি যোৱাৰ ধৰণ-কৰণ প্ৰত্যক্ষ কৰি সংবাদমাধ্যমৰ সকলোৱে অনুমান কৰে যে- গৃহমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত তেওঁ সন্তুষ্ট নহয়। ইফালে এন ডি এত থকা অসমৰ একমাত্ৰ ৰাজ্যসভাৰ সদস্য বিশ্বজিত দৈমাৰীয়ে সংবাদমাধ্যমৰ আগত সোমবাৰে কৰা মন্তব্য ব্যৰ্থবোধক। তেওঁ কয় যে- বিটিএডিত বাংলাদেশী নালাগে আন প্ৰান্তৰ মানুহে মাটি-সম্পত্তি কিনিব নোৱাৰে। গতিকে নাগৰিকত্ব সংশোধনী বিধেয়কখন সমৰ্থন কৰোৱে বা নকৰোৱেই, এইখনে বড়োভূমিৰ খিলঞ্জীয়া ৰাইজক ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে।

কথা-বতৰাৰ মাজত এই কথাও আওপকীয়াকৈ প্ৰকাশ পাই যে- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি থকা দলৰে চাৰিজন সাংসদে ইতিমধ্যে ছুটী লৈছে আৰু এই সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনাও আছে। যাৰ অৰ্থ হ'ল- সদনৰ কাৰ্যসূচীত নাথাকিলেও মঙলবাৰে পৰিপূৰক কাৰ্যসূচী ৰূপে নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপনৰ বাবে সাজু হোৱা চৰকাৰী পক্ষই ইতিমধ্যে কোনো কোনো বিল বিৰোধী সদস্যক কৌশলপূৰ্ণভাৱে মেনেজ কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ ভিত্তিতেই গুৱাহাটীত অতি দৃঢ়তাৰে প্ৰধানমন্ত্ৰী মোডীয়ে সদনত এইখন গৃহীত হ'বই বুলি এন ডি এৰ সংখ্যা গৰিষ্ঠতা নথকা সত্তেও প্ৰকাশ কৰি গৈছিল।

যদিহে মঙলবাৰে এনে ধৰণৰ চক্ৰান্তৰেই বিধেয়কখন পৰম্পৰা বহিঃৰ্ভূতভাৱে বেঁকা পথেৰে গ্ৰহণ কৰা হয়, তেনেহ'লে উত্তৰ-পূৰ্বাঞ্চলত যে ক্ষোভৰ দাবানল সৃষ্টি হ'ব তাৰ ইংগিত ইতিমধ্যে স্পষ্ট হৈ পৰিছে যদিও, এক নায়কত্ববাদী শাসনৰ আৰ্হিৰে চলা মোডী নেতৃত্বাধীন চৰকাৰ এই লৈ মুঠেও চিন্তিত নহয়। ইয়াৰ মূল কাৰণেই হ'ল- বিধেয়কখনে যিখন ৰাজ্যৰ সবাতোকৈ বেছি ক্ষতি কৰিব, সেই অসমৰেই চৰকাৰখনক চলে-বলে বিধেয়কৰ সপক্ষে থাকিবলৈ বাধ্য কৰোৱাত সফল হৈছে প্ৰধানমন্ত্ৰীগৰাকী। এনে প্ৰেক্ষাপটতে দিল্লীত বাহৰ পাতি জাতীয় স্বাৰ্থত সাংসদৰ দুৱাৰে দুৱাৰে সহায় বিচাৰি হাবাথুৰি খোৱা অসমৰ জাতীয় সংগঠনসমূহৰ নেতৃত্বৰ পৰিশ্ৰম অথবা তেওঁলোকক দিয়া সাংসদৰ আশ্বাস কিমান দূৰ ফলৱৰ্তী হ'ব সেয়াও অনিশ্চিত হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in