অচিৰেই গ্ৰেপ্তাৰ হ’ব এছপি সঞ্জিত কৃষ্ণ, বাসগৃহত চিআইডিৰ অভিযান, গ্ৰেপ্তাৰৰ অনুমতি বিচাৰি গৃহ বিভাগলৈ পত্ৰ…

অচিৰেই গ্ৰেপ্তাৰ হ’ব এছপি সঞ্জিত কৃষ্ণ,  বাসগৃহত চিআইডিৰ অভিযান, গ্ৰেপ্তাৰৰ অনুমতি বিচাৰি গৃহ বিভাগলৈ পত্ৰ…

ডিজিটেল ডেস্ক : এছ আই কেলেংকাৰী নাম সাঙোৰ খাই পৰা কৰিমগঞ্জৰ সদ্য অপসাৰিত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণৰ বাসগৃহত বুধবাৰে চিআইডিৰ এটা দলে অভিযান চলাই । উলুবাৰী কছাৰী বস্তিত থকা বিষয়া জনৰ বাসগৃহত অভিযান চলোৱা সময় উচ্চ পদস্থ বিষয়া উপস্থিত আছিল ।

ইফালে চিআইডিয়ে সঞ্জিত কৃষ্ণ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰশান্ত কুমাৰ দত্তক গ্ৰেপ্তাৰৰ বাবে সাজু হৈছে । দুয়ো গৰাকী বিষয়াক দীৰ্ঘ সময় ধৰি চিআইডিয়ে জেৰা কৰিছিল । দুয়োকে গ্ৰেপ্তাৰ কৰিবলৈ অনুমতি বিচাৰি গৃহ বিভাগলৈও পত্ৰ প্ৰেৰণ কৰা হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in