জনজাতিকৰণৰ দাবীত গুৱাহাটীত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ

জনজাতিকৰণৰ দাবীত গুৱাহাটীত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ
  • বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত প্ৰতিবাদ সাব্যস্ত কৰে চুতীয়া ছাত্ৰ সন্থাই।
  • বিভিন্ন দাবীৰে মহানগৰীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।
  • জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সংগঠনটোৰ।
  • কেবাগৰাকী প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে।
  • পুৱা ১০ বজাৰ পৰা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ অৰ্ধশতাধিক সদস্যই।
  • চৰকাৰ বিৰুধী ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চুতীয়া ছাত্ৰ সন্থাই।
  • চৰকাৰক জনজাতিকৰণ কৰাৰ দাবী।
  • চৰকাৰে চুতীয়া জাতিৰ প্ৰতি গুৰুত্ব নিদিলে তাৰ ফল চৰকাৰে পাব বুলি মন্তব্য কৰে সংগঠনটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক মহেন বৰাই।
  • প্ৰতিবাদকাৰীৰ কন্ঠ বন্ধ কৰিবলৈ প্ৰতিবাদৰ পূৰ্বেই মহেন বৰাক আৰক্ষীয়ে আটক কৰাৰো অভিযোগ একাংশ প্ৰতিবাদকাৰীৰ।
  • চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ লগতে চুতীয়া জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা সমাধানৰো দাবী।
  • অসমত কেতিয়াও বিদেশীৰ বোজা জাপি দিবলৈ দিয়া নহ'ব বুলিও মন্তব্য।
  • '৮৫৫ জন শ্বহীদৰ কেঁচা তেজৰ মূল্য চৰকাৰে দিবই লাগিব।'
  • 'অসমীয়া জাতিৰ পক্ষত সদায় চুতীয়া ছাত্ৰ সন্থা প্ৰস্তুত।'
  • চুতীয়া জাতিক লৈ বিজেপি চৰকাৰে ৰাজনীতি কৰাৰ অভিযোগ সাধাৰণ সম্পাদক মহেন বৰাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in