চিৰাঙত যাত্ৰীবাহী বাহনত চোৰাং কাঠ…

চিৰাঙত যাত্ৰীবাহী বাহনত চোৰাং কাঠ…

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙত চোৰাং কাঠ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে বন বিভাগ আৰু আৰক্ষী যিমানেই কঠোৰ স্থিতি গ্ৰহণ কৰিছে তাৰ বিপৰীতে বনবিভাগ তথা আৰক্ষীৰ চকুত ধূলি দি নতুন নতুন পদ্ধতি অবলম্বন কৰি চোৰাং কাঠৰ সৰবৰাহ কৰা কাৰ্য্য অব্যাহত ৰখা পৰিলক্ষিত হৈছে । কাৰণ কালি নিশা চিৰাং আৰক্ষীৰ অভিযানত তেনেএক ঘটনা পোহৰলৈ আহিছে ।

আৰক্ষী সুত্ৰে জানিবলৈ দিয়া মতে কালি নিশা গোপন সুত্ৰৰ পোম খেদি অভিযান চলাই কাজলগাঁৱৰ সমীপৰ চোৰাং কাৰবাৰৰ ঘাটি হিচাপে পৰিচিত পশ্চিম বিলাসপুৰ গাঁৱৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠ ভৰ্তি পঞ্জীয়ন নং বিহীন বগা ৰঙৰ যাত্ৰীবাহী টাটা উইংগাৰ বাহন জব্দ কৰে । আৰক্ষীয়ে বাহন খন জব্দ কৰিলেও বাহন খনৰ চালক জনে এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ।

পিছত আৰক্ষীয়ে কেইবা লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠ ভৰ্তি উইংগাৰ বাহন খন ঢালিগাঁও থানাত লৈ যায় । উল্লেখ্য যে চিৰাঙৰ ডিএফঅ কাৰ্য্যালয়ৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ নিলগৰ চোৰাং কাঠৰ ব্যৱসায়ীৰ ঘাটি বুলি কুখ্যাত পশ্চিম বিলাসপুৰ গাঁৱৰ পৰা আৰক্ষীয়ে মাজে সময়ে অভিযান চলাই বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে কিন্তু তাৰ বিপৰীতে বন বিভাগৰ লোকে এইক্ষেত্ৰত ৰহসজনক ভুমিকা পালন লোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in