চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ বনাঞ্চলত ৰহস্যজনকভাৱে গুলীবিদ্ধ এজন…

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ বনাঞ্চলত ৰহস্যজনকভাৱে গুলীবিদ্ধ এজন…

ডিজিটেল সংবাদ, চিৰাং: মঙলবাৰে দুপৰীয়াৰ ভাগত চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ চিৰাং সংৰক্ষিত বনাঞ্চলত গুলী চালনাৰ ঘটনা সংঘটিত হয়। ৰহস্যজনক ভাৱে অজ্ঞাত বন্দুকধাৰীৰ গুলীত এজন খৰিকটীয়া গুলীবিদ্ধ হয় । সোঁ ভৰিত গুলীবিদ্ধ হৈ গুৰুতৰ ভাবে আহত লোক জনৰ নাম বালে বসুমতাৰী (৩৯) ।

গুৰুতৰভাৱে আহত হোৱা বালে বসুমতাৰী বৰ্তমান চিৰাং জিলাৰ বেংতল-টুক্ৰাঝাৰ স্থিত ক্ৰপ্টচ মেমোৰিয়েল হচপিতালত চিকিৎসাধীন অবস্থাত আছে। প্ৰাপ্ত খবৰ অনুযায়ী ৰুণীখাতা থানাৰ অন্তৰ্গত ভাৰত-ভুটান আন্তৰ্জাতিক সীমান্ত দাদগিৰিৰ ৪ নং বনগাঁৱৰ বাসিন্দা বালে বসুমাতাৰী অইন দিনাৰ দৰে আজিও ৰাতিপুৱা আঠ বজাত খৰি সংগ্ৰহ কৰিবলৈ চিৰাং সংৰক্ষিত বনাঞ্চলত প্ৰবেশ কৰিছিল ।

তাৰ পিছত কোনে বালে বসুমতাৰীক লক্ষ্য কৰি গুলী চালনা কৰিলে সেই তথ্য এতিয়াও পোহৰলৈ অহা নাই যদিও গুলীবিদ্ধ হৈ গুৰুতৰ ভাবে আহত অবস্থাতে জঙ্ঘলৰ পৰা কোনোমতে চুচুৰি বাগৰি ওলাই আহিবলৈ সক্ষম হয় । তাৰ স্থানীয় লোকে তেওঁক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে বেংতল- টুক্ৰাঝাৰ চিকিৎসালয়ত আনি ভৰ্তি কৰে ।

এই গুলী চালনাৰ ঘটনাক কেন্দ্ৰ সীমান্ত এলেকাত তীব্ৰ চাঞ্চ্যল্যৰ সৃষ্টি হয় । ঘটনাৰ খবৰ লাভ কৰি ৰুণীখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মৰ নেতৃত্বত এটা আৰক্ষীৰ দল বেংতল-টুক্ৰাঝাৰ ক্ৰপ্টচ মেমোৰিয়েল হচপিতালত উপস্থিত হৈ গুলীবিদ্ধ বালে বসুমতাৰীৰ সোধপোছ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আচলতে কি পৰিস্থিতিত লোক জন গুলীবিদ্ধ হ'ল এতিয়াও সমগ্ৰ ঘটনাৰ ৰহস্যৰ আবৰ্ত্ত সোমাই আছে ।আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব এই ৰহসজনক গুলীবিদ্ধৰ প্ৰকৃত ঘটনা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in