চিৰাঙত আৰক্ষীৰ অভিযানঃ জব্দ গৰু ভৰ্তি ট্ৰাক, আটক তিনিজনক…

চিৰাঙত আৰক্ষীৰ অভিযানঃ জব্দ গৰু ভৰ্তি ট্ৰাক, আটক তিনিজনক…

ডিজিটেল সংবাদ, চিৰাং: ৰাজ্যত এতিয়াও অব্যাহত আছে বহিঃৰাজ্যৰ পৰা গৰুৰ চোৰাং সৰবৰাহকাৰী চিণ্ডিকেট । মঙলবাৰে পুৱতি নিশা এক নিৰ্দিষ্ট সূত্ৰৰ পোম খেদি চিদলী থানাৰ অন্তৰ্গত গৰুভাষা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শঙ্কৰ পাটগিৰিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই চিৰাঙৰ গৰুভাষা-ছামঠাইবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পান জপা দি গৰু আৰু মহ কঢ়িয়াই অনা এ এচ ০১ এল চি ৯৪১১ পঞ্জীয়ন নং থকা এখন ১৪ চকীয়া ট্ৰাক জব্দ কৰে ।

ৰাষ্ট্ৰীয় ঘাইপথেদি কোকৰাঝাৰ জিলাৰ পৰা আহি চিৰাং জিলাত প্ৰৱেশ কৰাৰ সময়ত অভিযানকাৰী আৰক্ষীয়ে ট্ৰাকখনক ৰখিবলৈ নিৰ্দ্দেশ দিয়ে যদিও আৰক্ষীৰ নিৰ্দ্দেশ অবমাননা কৰি ট্ৰাকখন পলায়ন কৰাৰ চেষ্টা কৰে । কিন্তু পলায়ন কৰাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইভাৰত লাগি আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় ।অভিযানকালত আৰক্ষী ট্ৰাকখনৰ চালকসহ তিনিজনকৈ লোক আটক কৰে ।

ইফালে, জব্দ কৰা ট্ৰাক খনৰ পৰা আৰক্ষীয়ে ১৫ টা উন্নত জাতৰ বলধ গৰু আৰু ৭ টা ম'হ উদ্ধাৰ কৰে । আটক কৰা ধৃত লোক কেইজনৰ নাম আমজাদ আলী (২৮), তাহেৰ আলী শ্বেখ (২৬) আৰু ছফিয়ান মোল্লা । তিনিজনৰে ঘৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অন্তৰ্গত অসম-পশ্চিমবঙ্গৰ সীমান্তবৰ্তী শিমুলটাপু গাঁৱত । ধৃত ট্ৰাক চালক আমজাদ আলীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা মতে কোকৰাঝাৰ জিলাৰ বিশমুৰীৰ পৰা গৰু কেইটা ট্ৰাকত উঠাই গুৱাহাটীৰ খানাপাৰা লৈ যোৱাৰ কথা আছিল ।

চালকে যদিও গৰু কেইটা বিশমুৰী বজাৰৰ পৰা কিনি ট্ৰাকত উঠোৱা হৈছে বুলি সদৰি কৰিছে দৰাচলতে অসম-পশ্চিমবঙ্গ সীমান্ত শ্ৰীৰামপুৰৰ পৰা এতিয়াও এটা শক্তিশালী গৰুৰ চোৰাং সৰবৰাহকাৰী সক্ৰিয় চিণ্ডিকেট চক্ৰই নতুন নতুন কূট কৌশল অবলম্বন কৰি বহিঃৰাজ্যৰ পৰা গৰুৰ চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে । আৰক্ষীৰ হাতত ধৰা পৰিলে পেশাদাৰী লোকৰ দৰে মিছা তথ্য দাঙি ধৰি আৰক্ষীৰ তদন্ত অন্য দিশে লৈ যোৱা দেখা যায় ।

লক্ষ্যণীয়ভাৱে মঙলবাৰে জব্দ কৰা ট্ৰাকখন শ্ৰীৰামপুৰৰ জনৈক মনবাহাদুৰ নেওৱাৰ নামত পঞ্জীয়ন ভুক্ত লগতে চালক সহ আটকাধীন তিনিওজনৰ ঘৰ শ্ৰীৰামপুৰৰ শিমূলটাপু গাঁৱত । বিগত সময়চোৱাত জব্দ কৰা গৰু সৰবৰাহকাৰী ট্ৰাক সমুহ জব্দ কৰিছে তাৰে প্ৰায় ভাগেই বাহন চালকৰ ঘৰ শ্ৰীৰামপুৰ নাইবা শিমূলটাপু গাঁও আছিলে। আৰক্ষীৰ এই অভিযানত পুনৰ স্পষ্ট হৈ পৰিছে যে- বহিঃৰাজ্যৰ পৰা এতিয়াও বিভিন্ন কূট কৌশল অবলম্বন কৰি এতিয়াও গৰুৰ চোৰাং সৰবৰাহ চিণ্ডিকেট অব্যাহত আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in