দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে ভাৰতত উপস্থিত হ’বহি চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, প্ৰধানমন্ত্ৰী মোডীৰে বহিব বৈঠকত…

দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে ভাৰতত উপস্থিত হ’বহি চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, প্ৰধানমন্ত্ৰী মোডীৰে বহিব বৈঠকত…

ডিজিটেল ডেস্কঃ শুকুৰবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং উপস্থিত হ'বহি ভাৰতত। এই ভ্ৰমণকালত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে নেতাগৰাকী বহিব বৈঠকত। আলোচনা কৰা হ'ব কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়। উল্লেখ্য যে, দুপৰীয়াৰ ভাগত চেন্নাইত উপস্থিত হ'বহি নেতাগৰাকী।

উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক চেন্নাইত সাক্ষাৎ কৰিব চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। এই ভ্ৰমণকালত দুয়োগৰাকী নেতা ৪ খন পৃথক পৃথক বৈঠকত প্ৰায় ৫ ঘন্টাৰ বাবে মিলিত হ'ব বুলি জানিব পৰা গৈছে। ইফালে এই সময়চোৱাত চেন্নাইৰ সমুদ্ৰৰ কাষত থকা এখন আটকধুনীয়া হোটেলত থাকিব দুয়োগৰাকী নেতা।

চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ লগতে ভাৰতলৈ আহিব দেশখনৰ বিদেশ মন্ত্ৰী ৱাং য়ী আৰু পৌলিত ব্যুৰৰ সদস্যসকল। ইফালে ভাৰতৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে থাকিব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ। কাশ্মীৰৰ পৰা ৩৭০ নম্বৰৰ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছতে চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in