শৰীৰ ভিতৰত লুকুৱাই সোণ সৰবৰাহ! বিমান বন্দৰত গ্ৰেপ্তাৰ চীনৰ নাগৰিকক…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ কাঠমাণ্ডুৰ বিমান বন্দৰতনিৰাপত্তাৰক্ষীয়ে বুধবাৰে গ্ৰেপ্তাৰ কৰে এজন লোকক। প্ৰায় এক কিলোগ্ৰাম ওজনৰ সোণসহনিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক। নিৰাপত্তাৰক্ষীয়ে তেওঁৰ চাল-চলনত প্ৰথমেসন্দেহ ওপজাৰ বাবে আটক কৰে আৰু সোধ-পোছ আৰম্ভ কৰে। সোধ-পোছৰ পাছত লোকজনেনিৰাপত্তাৰক্ষীক জনাই যে, তেওঁ নিজৰ শৰীৰৰ ভিতৰত কৌশলেৰে এই সোণখিনি লুকুৱাইৰাখিছে।

দৰাচলতে, কাঠমাণ্ডুৰ ত্ৰিভুৱআন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নিৰাপত্তাৰক্ষীয়ে ২২ বছৰীয়া এই যুৱকজনক গ্ৰেপ্তাৰকৰে। জানিব পৰা মতে, গ্ৰেপ্তাৰ কৰা লোকজন চীনৰ নাগৰিক। নিৰাপত্তাৰক্ষীয়ে সোধ-পোছকৰাৰ পাছত এক্স-ৰে মেচিনৰ মাজেৰে পাৰ হ'বলৈ কয় লোকজনক। আৰু তাৰপাছতেই সোণখিনিৰসন্দৰ্ভত বিমান কৰ্তৃপক্ষই জানিবলৈ পায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in