লাডাখত আকৌ বাজিছে চীন-ভাৰতৰ যুদ্ধৰ দামামা

লাডাখত আকৌ বাজিছে চীন-ভাৰতৰ যুদ্ধৰ দামামা

ডিজিটেল ডেস্কঃ সীমান্তত পুনৰ যুদ্ধংদেহী হৈ পৰিছে চীন। বিদেশমন্ত্ৰী সুষমা স্বৰাজৰ দাবী তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন নীতিক এক প্ৰকাৰ অসাৰ প্ৰতিপন্ন কৰি এসপ্তাহ পূৰ্বে ভাৰতৰ মাটিত অনুপ্ৰৱেশ কৰে চুবুৰীয়া ৰাষ্ট্ৰখনৰ সেনাই। ভাৰতীয় সেনাৰ সূত্ৰই এই তথ্য প্ৰকাশ কৰাৰ পিছতে শলঠেকত পৰিছে বিদেশ মন্ত্ৰণালয়।

সেনাৰ সূত্ৰত প্ৰকাশ পাইছে যে প্ৰায় এসপ্তাহ পূৰ্বে ডেমচকৰ সমীপৰ শেৰ্ডং-নেৰ্লং নাল্লান অঞ্চলত চীনা সেনাই অনুপ্ৰৱেশ কৰিছিল। চীনা সেনাৰ দলটোৱে পোহনীয়া জন্তু খেদি খেদি ভাৰতৰ মাটিত প্ৰৱেশ কৰাৰ কথা জানিবলৈ দিছে সূত্ৰটোৱে। কেৱল অনুপ্ৰৱেশ কৰাই নহয়, উক্ত স্থানত চীনা সেনাই সাধাৰণ লোকৰ পোচাকত প্ৰৱেশ কৰি তম্বুও তৰাৰ খবৰ পাই ভাৰতীয় সেনাও তাত উপস্থিত হয়।

লাদাখত নিয়োজিত সেনাৰ ১৪ নম্বৰ ক'ৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে নেৰলং অঞ্চলত কিছুদিন পূৰ্বে এটি পথ নিৰ্মাণ কৰিছিল স্থানীয় লোকসকলে। কিন্তু স্থানীয় লোকসকলক সেয়া চীনৰ অধীনৰ বুলি উল্লেখ কৰি পথ নিৰ্মাণত বাধা প্ৰদান কৰে চীনা সেনাই। লগতে সেই ঠাইত চীনা সেনাই পশু পালন কৰাৰ সম্পূ্ৰ্ণ অধিকাৰ আছে বুলিও দাবী কৰে।

চীনা সেনাৰ উক্ত দাবী সম্পূ্ৰ্ণৰূপে অস্বীকাৰ কৰিছে ভাৰতে। এই লৈ ব্ৰিগেড পৰ্যায়ৰ বৈঠকো অনুষ্ঠিত হৈছে যদিও চীনা সেনাই তাৰ পৰা নিজৰ অধিকাৰ উঠাই লোৱা পৰিলক্ষিত হোৱা নাই। এনে পৰিপ্ৰেক্ষিতত বৰ্তমানো দুই দেশৰ সেনাই সেই ঠাইত অৱস্থান গ্ৰহণ কৰিছে।

ইতিমধ্যে লেহ অঞ্চলৰ স্থানীয় প্ৰশাসনে উক্ত অঞ্চলত পোহনীয়া জন্তু আদি চৰাই অহা ভাৰতীয় পশুপালকসকলক আন ঠাইলৈ আতৰাই আনিছে। প্ৰশাসনৰ এই সিদ্ধান্তক লৈ অসন্তুষ্ট হৈ পৰিছে বহু পশুপালক। তেওঁলোকৰ মতে এই সময়খিনিত সেই ঠাইখিনিয়েই পশুপালনৰ বাবে উপযুক্ত। সেই ঠাইৰ বাদে অইন ঠাইত জন্তুবোৰ চৰালে লোকচানৰ সন্মুখীন হ'ব লাগিব বুলিও আশংকা প্ৰকাশ কৰি প্ৰশাসৱৰ সিদ্ধান্ত মানি ল'বলৈ অসন্মত হৈছে স্থানীয় পশুপালকসকলে।

উল্লেখ্য যে নিয়ন্ত্ৰণৰেখাৰ সমীপত নিজৰ অধিকাৰ লৈ দুয়ো দেশৰ মাজত মতভেদ অতীজৰে পৰা চলি আহিছে। ইয়াৰ মাজতে বিগত বৰ্ষত ভাৰত-চীন-ভূটান সীমান্তৰ ডোকলামত চীনা সেনাৰ অনুপ্ৰৱেশৰ পিছত অঞ্চলটোত উত্তেজনা বৃদ্ধি পাইছিল। সমগ্ৰ ঘটনাটোৱে দুয়ো দেশৰ মাজৰ কূটনৈতিক সম্পৰ্কতো ব্যাঘাত জন্মাইছিল।

চীনক ভাষণৰ মাজত হুংকাৰ দি অহা মোদী চৰকাৰে চুবুৰীয়া দেশখনৰ ওচৰত শিৰ নত কৰিছে বুলিও বিৰোধী দলসমূহে উত্তাল কৰি তুলিছিল দেশৰ ৰাজনীতি। পৰৱৰ্তী সময়ত মোদীয়ে কেবাবাৰো চীন ভ্ৰমণলৈ যায় আৰু দেশবাসীক চুবুৰীয়া দেশখনৰ সৈতে সম্পৰ্কৰ উন্নতি ঘটিছে বুলি আশ্বস্ত কৰিবলৈ চেষ্টা চলায়। বিদেশ মন্ত্ৰী সুষমা স্বৰাজেও সেই একেই দাবী কৰি অহাৰ সময়তে শেহতীয়াকৈ ভাৰতীয় সেনাৰ সূত্ৰই প্ৰকাশ কৰা এই তথ্যই পুনৰবাৰ অস্বস্তিত পেলাইছে মোদী চৰকাৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in